চৰকাৰৰ জাতিবিৰোধী কাৰ্য : অসমীয়া নজনা বহিৰাগত প্ৰাৰ্থীয়ে কিদৰে পালে APSC ৰ চাকৰি?

২০২১ চনৰ ২৪ নৱেম্বৰত বঙাগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ নেতৃত্ব লৈ সদম্ভে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এটা সিদ্ধান্ত। ঘোষণাটো আছিল APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাটো উঠাই দিয়াৰ সিদ্ধান্ত। সেই সময়ত অসমৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ স্বতেও এই সিদ্ধান্ত অটল ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই।  পিছে এতিয়া এই সিদ্ধান্তৰ কুফল পৰিবলৈ আৰম্ভ হৈছে APSC পৰীক্ষাত।

উল্লেখ্য যে APSC ৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্ন কাকত আঁতৰাই হিমন্ত বিশ্ব শৰ্মাই কৈছিল – APSC পৰীক্ষাত অৱৰ্ত্তীণ প্ৰাৰ্থীয়ে  সলসলীয়াকৈ অসমীয়া ক’ব পাৰিব লাগিব। প্ৰাৰ্থীসকল হ’ব লাগিব অসমৰ স্থায়ী বাসিন্দা । লগতে অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন থাকিব লাগিব প্ৰাৰ্থীসকলৰ নাম। 

পিছে ধোৱা চাঙত উঠিল হিমন্ত বিশ্ব শৰ্মাই আৰোপ কৰা এই সমূহ চৰ্ত। অসমীয়া প্ৰাৰ্থীক লেং মাৰি ৰাজস্থানৰ প্ৰাৰ্থীয়ে লাভ কৰিলে অসম লোক সেৱা বিভাগৰ চাকৰি। 

ৰাজস্থানৰ সেই গৰাকী প্ৰাৰ্থিয়ে নাজানে অসমীয়া ভাষা। দুই মিনিটো অসমীয়াত কথা ক’ব নোৱাৰে এইগৰাকী বহিৰাগত প্ৰাৰ্থীয়ে। 

ACS বিষয়া ৰূপে নিয়োজিত এইগৰাকী প্ৰাৰ্থীৰ নাম দীপিকা দাদানি। ৰাজস্থানত জন্ম হৈছিল দীপিকা দাদানিৰ। 

পিছে গুৱাহাটীৰ মিলন পথৰ বাসিন্দা বুলি ২০২২ চনৰ APSC পৰীক্ষা ৩৫ নং স্থান লৈ  ACS চাকৰি লাভ কৰিছিল এইগৰাকী বহিৰাগত প্ৰাৰ্থীয়ে।

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰাৰ কথা দীপিকা দাদানিয়ে নিজেই সামাজিক মাধ্যমত এটা ভিডিঅ’ত ৰাজস্থানৰ বাসিন্দা বুলি প্রকাশ কৰিছে। কিন্তু পৰীক্ষাৰ পত্ৰ পূৰণৰ সময়ত গুৱাহাটীৰ বাসিন্দা হিচাপে পৰিচয় দিছিল দীপিকা দাদানীয়ে। 

অসমৰ স্থায়ী বাসিন্দা, নিয়োগ বিনিময়ত কেন্দ্ৰত পঞ্জীয়ন আৰু সলসলীয়াকৈ অসমীয়া ক’ব পাৰিব লাগিব বুলি ঘোষণা কৰাৰ পাছতো অসমীয়া লিখিব জনাটো দূৰৰে কথা শুদ্ধকৈ অসমীয়া ক’ব নজনা প্ৰাৰ্থীয়ে কেনেকৈ এছিএছ বাছনি লাভ কৰিলে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে উচ্চ পদস্থ চৰকাৰী বিষয়াই অসমীয়া ভাষা নজনাৰ বাবে তলতীয়া কৰ্মচাৰীৰ সহায় লবলগীয়া পৰিৱেশৰো উদ্ভৱ হৈছে অসমৰ বিভিন্ন বিভাগত। চৰকাৰী বিষয়াই অসমীয়া নজনাৰ বাবে বিপদত পৰিছে সাধাৰণ ৰাইজ। তেনেস্থলত অসমীয়া মানুহৰ কথা নুশুনি এপিএছচি পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত আঁতৰাই দি অসমৰ প্ৰাৰ্থীসকলৰ লগত খেলা কৰাই নহয়, বিশাল অসমীয়া জনগণকো প্ৰতাৰণা কৰিছে এইখন চৰকাৰে।