উচ্চতম ন্যায়ালয়ত সাংবিধানিক বিচাৰপীঠৰ গোচৰ নং 562/2012 আৰু 311/2015-ৰ নিষ্পত্তি নোহোৱালৈকে NRC-ৰ কাম স্থগিত ৰাখিবলৈ শেহতীয়াকৈ এখন শপতনামা দাখিল কৰিছে পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।
এটা প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে জনায়, “মহামান্য উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছিল যে এই এন আৰ চিখন তেতিয়াহে সম্পূৰ্ণ হ’ব যেতিয়া সাংবিধানিক বিচাৰপীঠৰ গোচৰ নং 562/2012 আৰু 311/2015 ৰ নিষ্পত্তি হ’ব। এনে প্ৰেক্ষাপটত এই দুই গোচৰৰ নিষ্পত্তি নোহোৱালৈ এন আৰ চি প্রক্রিয়া সাময়িকভাবে স্থগিত ৰাখি এক স্বাধীন আৰু নিৰপেক্ষ এজেন্সিৰ হতুৱাই এন আৰ চিৰ এশ শতাংশ পুনৰীক্ষণৰ বাবে আৱেদন জনাইছো”।
বিবৃতিটোত লগতে এন আৰ চিৰ বিভিন্ন খেলিমেলিসমূহ ভাগে ভাগে চি বি আই, ই ডি, নিয়া আদি এজেন্সিৰ হতুৱাই তদন্তৰ বাবে প্রার্থনা জনোৱা বুলিও কয়।
“আপোনালোকক আমি ইতিমধ্যেই জনাইছো যে WIPRO, BOHNIMAN SYSTEMS PVT LTD,
MADOC TECHNOLOGIES, TRANS TECHNOLOGIES SOLUTIONS, RJ45
TECHNOLOGIES আদি কোম্পানিসমূহৰ অকর্মণ্যতা আৰু প্রতীক হাজেলাৰ জালিয়াতি আৰু
দুৰ্নীতিত এই NRC অসমৰ মানুহৰ বাবে ভালুকৰ সাঙীত পৰিণত হ’ল”, বিবৃতিটোত কোৱা হয়।
আনহাতে NRC-ত প্ৰায় ৮০ লাখ বিদেশীৰ নাম সন্নিৱিষ্ট হৈ আছে বুলিও দাবী তুলিছে সংগঠনটোৱে।
বিবৃতিটোত সংগঠনটোৱে কয় যে NRC-ত বাংলাদেশীক স্বদেশী কৰাৰ কুফল ভুগিবলৈ ধৰিছে খিলঞ্জীয়াই।
সংগঠনটোৰ অভিযোগ, এন আৰ চি প্ৰকাশৰ পিছতে অসমৰ বিভিন্ন ঠাইত বিশেষ সম্প্ৰদায়ৰ লোকে ৰাতিটোৰ ভিতৰতে গাওঁ স্থাপন কৰিছে।
“নামনি অসমৰ নলবাৰী জিলাৰ অন্তর্গত বৰক্ষেত্রী সমষ্টিত নিশাৰ ভিতৰতে একো একোখন পথাৰ একো একোখন গাৱঁলৈ পৰিবর্তিত হৈছে”, বিবৃতিটোৰ দাবী।
লগতে কোৱা হয়, ছিপাঝাৰতো ১৮২ বিঘা ভূমিত বিগত কেইদিনমানত নতুনকৈ গাওঁ গঢ় লৈ উঠিছে।
এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনৰ অক্ষমতাৰ অভিযোগো আনে সংগঠনটোৱে।
ইয়াৰোপৰি এন আৰ চিত জেহাদীৰ নামো সন্নিৱিষ্ট হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে। বিবৃতিটোত জেহাদী হিচাপে আঙুলিয়াই দিয়া হৈছে শেহতীয়াকৈ নামনি অসমত জেহাদীৰ কাৰ্য্যকলাপত জড়িত থকাৰ সন্দেহত গ্রেপ্তাৰ হোৱা আজাহাৰউদ্দিন, ৰঞ্জিত আলী, লুইত জামিউল জামাল আৰু মুকাদ্দিৰ ইছলামলৈ।