ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট আৰক্ষীলৈ আৰণ্যকৰ মটৰ চাইকেল আৰু মাস্ক প্ৰদান

IMG-20200430-WA0191

ফটো : নৰ্থ-ইষ্ট নাও

দেশত ভয়াবহ ৰূপ ধাৰণ কৰা ক’ভিদ-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে অহৰহ যুঁজি থকা গোলাঘাট জিলাৰ আৰক্ষীক আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে দুখন বাজাজ পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাস্ক প্ৰদান কৰে।

বিগত সময়ছোৱাত ক’ভিদ-১৯ সংক্ৰমণ ৰোধৰ বাবে কৰা গোলাঘাট আৰক্ষীৰ প্ৰশংসনীয় সেৱা আৰু আগন্তুক দিনবোৰত আৰু অধিক সক্ৰিয়তাৰে যুঁজিব পৰাকৈ দুখন পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাস্ক প্ৰদান কৰা বুলি জনায় আৰণ্যকৰ আইন কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্যই।

আজি আৰণ্যকৰ তৰফৰ পৰা এই মটৰ চাইকেল আৰু মাস্ক গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে মানস কুমাৰ ভট্টচাৰ্যই।

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰ আৰু উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াও উপস্থিত থাকে। ক’ভিদ-১৯ সংক্ৰমণৰ এই ভয়াবহ পটভূমিত আৰণ্যকৰ এই সহায়ৰ বাবে ধন্যবাদ জনায় আৰক্ষী অধীক্ষক জনে।

উল্লেখ্য যে জনসাধাৰণৰ আকুণ্ঠ সহযোগিতা, গোলাঘাট প্ৰশাসনৰ লগতে জিলাখনৰ আৰক্ষীৰ সহযোগৰ বাবেই আজিৰ তাৰিখত গোলাঘাট জিলা ৰেড জ’নৰ পৰা গ্ৰীন জ’নত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে বুলি বহুতে মত প্ৰকাশ কৰিছে।