অৰুণাচলত সীমা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণকলৈ আৰণ্যকৰ বিশেষ কর্মশালা

অৰুণাচল প্ৰদেশত ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকে যোৱা ২৪ আৰু ২৫ আগষ্টত সংগঠনটোৰ আইনী আৰু ওকালতি বিভাগৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ ওপৰত দুখনকৈ সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে।

অৰুণাচলৰ দিৰাঙত থকা সীমা সুৰক্ষা বাহিনীৰ কাৰ্যালয় প্ৰাংগত আয়োজিত এই কৰ্মশালাত দিৰাঙৰ সীমা সুৰক্ষা বাহিনীৰ ৩০ নং বেটেলিয়ন, টাৱাংত থকা সীমা সুৰক্ষা বাহিনীৰ ৩৮ নং বেটেলিয়ন আৰু লুমলাত থকা সীমা সুৰক্ষা বাহিনীৰ ৩৭ নং বেটেলিয়নৰ মুঠ ১৩০ জন বিষয়াই অংশগ্ৰহণ কৰে ।

কৰ্মশালাত অংশগ্ৰহণ কৰি দিৰাঙৰ সীমা সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট উপেন্দ্ৰ কুমাৰে মানুহ আৰু বন্যপ্ৰাণীৰ সাংবিধানিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে স্থানীয় সীমাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত কেনেদৰে সকলো স্তৰৰ প্ৰাকৃতিক সম্পদ কেনেদৰে সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভতো  পৰামৰ্শ প্ৰদান কৰে।

টাৱাঙৰ কমাণ্ডেণ্ট জি এছ উদাৱাতে সমাজৰ বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় স্থাপন আৰু বন্যপ্ৰাণী অপৰাধ আৰু সৰবৰাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত সীমা সুৰক্ষা বাহিনীৰ গুৰুত্বৰ বিষয়ে মন্তব্য আগবঢ়ায়। দুয়োজন কমাণ্ডেণ্টে দেশৰ নিৰাপত্তাৰ লগতে অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বিৰুদ্ধে একেলগে কাম কৰিবলৈ আগ্ৰহো প্ৰকাশ কৰে।

কৰ্মশালাত উপস্থিত থকা আৰণ্যকৰ মুখ্য কার্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বন্যপ্ৰাণী অপৰাধ আৰু ইয়াৰ আন্তর্জাতিক পৰিস্থিতিৰ বিষয়ে সীমা সুৰক্ষা বাহিনী বিষয়া সকলক বিস্তৃতভাৱে অৱগত কৰে। লগতে গৱেষণা আৰু নীতি নিৰ্ধাৰণৰ জৰিয়তে অঞ্চলটোত বন্যপ্রাণী সুৰক্ষাৰ বাবে আৰণ্যকে চলোৱা প্ৰচেষ্টাৰ বিষয়েও জনায়।

আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক ড৹ জিমি বৰাই বন্যপ্ৰাণী অপৰাধে সমাজক কেনেদৰে নেতিবাচক ভাৱে প্ৰভাৱিত কৰে আৰু ইয়াক কিয় গুৰুত্ব দিয়া উচিত সেই বিষয়ে আলোচনা কৰে ৷ অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় কিদৰে সামাজিক অস্থিৰতা, জুনোটিক ৰোগ, অৰ্থনৈতিক ক্ষতি, ড্রাগচৰ চোৰাং ব্যৱসায় আৰু অস্ত্ৰ সৰবৰাহ আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তাৰ ওপৰতো ড৹ জিমি বৰাই সচিত্ৰ উপস্থাপন কৰে।

আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বন্যপ্রাণীৰ অপৰাধী সকলে কেনেদৰে কাম কৰিছিল তাৰ ওপৰত কৰা এক ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰো উপস্থাপন দাঙি ধৰে ৷