ধুমপান আসক্তসকলৰ বাবে অধিক বিপদজনক নেকি মাৰাত্মক ক’ৰ’না ভাইৰাছ!

'ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত ধুমপান কৰা উচিত নহয়', WHO

World No Tobacco Day|| 40 Million Children Aged 13 To 15 Years Using Tobacco Products Globally: WHO

প্রতিনিধিত্বমূলক ছবি

ধুমপান আসক্তসকলৰ বাবে অধিক বিপদজনক নেকি ক’ৰ’না ভাইৰাছ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ধুমাপন আসক্তসকলৰ বাবে ক’ৰ’না ভাইৰাছ অধিক বিপদজনক হয়। WHO ৰ মতে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত ধুনপান কৰাটো উচিত নহয়।

ধুমপান আসক্তসকল হাওফাও আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ বা সমস্যাত পূৰ্বৰে পৰা আক্ৰান্ত হৈ থাকে।

যদি তেওঁলোক ধুমপান সেৱনৰ ধাৰা অব্যাহত ৰাখে তেনে ক’ৰ’না  ভাইৰাছে সংক্ৰমণ কৰাৰ লগে লগে তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিব। উল্লেখ্য যে ক’ৰ’না আক্ৰান্ত ৰোগীয়ে উশাহ নিশাহ লোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়।

‘পূৰ্বৰে পৰা শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা ধুমপান আক্তসকলে ক’ৰ’না ভাইৰাছে সংক্ৰমণ কৰাৰ লগে লগে শ্বাস-প্ৰশ্বাসত বিপদজনকভাৱে সমস্যা পৰিব’ এই মন্তব্য ইন্টাৰ্নেল মেডিচিন, ফ’ৰ্টিছ হাস্পাতলৰ পৰিচালন সঞ্চালক ডাঃ হৰমিন্দৰ সিং পান্নুৰ। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰিব নোৱাৰা পৰ্যন্ত ধুপমান সেৱন কৰাৰ পৰা আসক্তসকললৈ পৰামৰ্শ প্ৰদান কৰিছে।

অৱেশ্যে মাজে সময়ে কেতিয়াবা ধুমপান সেৱন কৰা সকলৰ বাবে এই সমস্যা নাই, চেইন স্ম’কাৰ সকলেহে এই সমস্যা ভুগিব লাগিব বুলিও ডাঃ পান্নুৱে মন্তব্য কৰিছে।

খ্ৰীষ্টিয়ান মেডিকেল কলেজ এণ্ড হাস্পাতলৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ বিকাশ ল’ম্বাৰ মতে ক’ৰ’না ভাইৰাছে মানৱ শৰীৰৰ গোটেই শ্বাস-প্ৰশ্বাস ব্যৱস্থাটোকেই বিকল কৰি দিয়ে, তেনেক্ষেত্ৰত চেইনস্ম’কিং কৰা মানুহ ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’লে শ্বাস-প্ৰশ্বাস উহাশ নিশাহ লোৱাত বিপদজনকভাৱে সমস্যা আহি পৰিব।