• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চাহ শ্ৰমিকৰ আশাবোৰ পূৰ্ণ হ’লনে?

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
May 22, 2019 5:36 pm
tea

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কিছুদিন আগতে শিৱসাগৰৰ ফালৰ বন্ধু এজনে আক্ষেপেৰে কৈছিল যে আমি যিসকলে বাতৰিকাকতত বিভিন্ন বিষয়েআলোচনা কৰি থাকোঁ সেইসকলৰ মানুহৰ লগত প্ৰত্যক্ষ যোগাযোগ নাথাকে গুৱাহাটী মহানগৰী বা অন্যান্য চহৰ অঞ্চলত থাকি লেখা-মেলা কৰা, আন্দোলনৰ নেতৃত্ব দিয়া, বৌদ্ধিক-সাহিত্যিক আলোচনা কৰা মধ্যবিত্তীয় লোকসকলৰ গাঁও-ভূঁইৰ লগত একো সম্পৰ্ক নাথাকে বা গ্ৰাউণ্ডত কি ঘটিছে তাৰ একো উৱাদিহ আমি নাপাওঁ। আমি আন্দোলন কৰোঁ চহৰত, আলোচনা-চক্ৰ, বিশেষ বক্তৃতানুষ্ঠান পাতোঁ চহৰত, ধৰ্ণা-সমদল আদি সকলো কৰোঁ চহৰত।

সেয়েহে গাঁৱৰ মানুহে চহৰীয়া এনে আন্দোলন আলোচনা আদিৰ লগত একো একাত্ম অনুভৱ নকৰে। গাঁৱত বসবাস কৰা তেনেই সামান্য সংখ্যক মধ্যবিত্তীয় লোকে বা-বাতৰি পায় ঠিকেই, কিন্তু এইসকলেও এনে বতৰা বিয়পাবলৈ অসমৰ্থ।

বন্ধুজনে কৈছিল– ‘সেইবাবে নাগৰিকত্ব আইন সংশোধন বিৰোধী ইমানবোৰ আন্দোলন চলাই থকাৰ পাছতো ডিব্ৰুগড়-যোৰহাটৰ খিলঞ্জীয়া লোকসকলে মুকলিভাৱে বিজেপিক বৰ্জন কৰা নাই। বাগানৰ শ্ৰমিকসকলক বিগত পাঁচ বছৰে প্ৰাপ্য মজুৰি নিদিলে। এতিয়া সামান্য কেইটামান টকাৰে এই শ্ৰমিকসকলক হিতাধিকাৰী সজাই লৈ বিজেপিয়ে বাগানৰ সমগ্ৰ ভোট আদায় কৰিবলৈ বিচাৰিছে। অসম আৰু ভাৰত চৰকাৰে যে ইচ্ছাকৃতভাৱে বাগানৰ শ্ৰমিকসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি  আহিছে তাক বুজাব কোনে? এগৰাকী নাগৰিক হিচাপে জীৱন ধাৰণৰ প্ৰয়োজনীয় মৰ্যাদাৰ পৰা এইসকল লোক যে বঞ্চিত হৈ আছে তাৰ প্ৰতিফলন অসমৰ কোনটো আন্দোলনত ঘটিছে?’

বন্ধুজনৰ আপত্তিবোৰ হয়ভৰ নিদিয়াকৈ থাকিব পৰা নাছিলোঁ। বাতৰিকাকত, বৌদ্ধিক মহলৰ আলোচনা-বিলোচনা, লেখা-মেলাবোৰে সাধাৰণ কৃষক, বনুৱা আৰু দৰিদ্ৰ শ্ৰেণীটোক স্পৰ্শ কৰিব নোৱাৰে বুলি তেওঁ কৰা অভিযোগটো মানি লৈও মই কৈছিলোঁ যে কিছুমান বিষয় বাতৰিকাকত বা বিভিন্ন আলোচনাত আলোচিত নহয় আৰু তাৰ ভিতৰত অন্যতম হৈছে অসমৰচাহ শ্ৰমিকৰ সমস্যাবোৰ, বিশেষকৈ মজুৰিৰ সমস্যা। নাগৰিকত্ব আইন সংশোধন বিৰোধী আন্দোলনটোৰ প্ৰভাৱ গাঁও-ভূঁই পৰ্যায়লৈ বিস্তাৰিত নোহোৱা বুলি কৰা অভিযোগটো মানি লৈও মই কৈছিলোঁ যে আন্দোলনটোৰ ফলতেই কিন্তু বিধেয়কখন ৰাজ্যসভাত উত্থাপন (কেৱল অসমত এটা কথা আলোচিত নহ’ল যে ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে এই বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’লে আৰু বিষয়টো অসমৰ ৰাজনীতিৰ সলনি পশ্চিম বংগৰ ৰাজনীতিৰহে কেন্দ্ৰীয় বিষয় হৈ পৰিল) নহ’ল আৰু এটা পৰ্যায়লৈ অসমৰ মানুহৰ কিছু অংশ বিধেয়কখন সন্দৰ্ভত সচেতন হৈ পৰিল।

এতিয়া প্ৰশ্ন হৈছে, অসমৰ চাহ শ্ৰমিকসকলৰ সমস্যাবোৰ প্ৰকৃতাৰ্থত সমাধান কৰাৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোক পূৰ্ণতা দিব কিদৰে· অসমৰ চাহ শ্ৰমিকসকলক বছৰি বছৰি মিছা প্ৰতিশ্ৰুতিৰ মায়াজালত বন্দী কৰি ৰাখি সামান্য চৰকাৰী অনুগ্ৰহেৰে যদি ভোটৰ স্বাৰ্থত ‘মেনেজ’ কৰি থাকিব পৰা যায় আৰু চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সংগঠনবোৰো ৰাজনৈতিক দলৰ দ্বাৰা ‘মেনেজেব্ল’ হয় তেন্তে লেখা-মেলা, বৌদ্ধিক কচৰৎ আদিৰ প্ৰভাৱ সামান্য হোৱাটোও স্বাভাৱিক।

এতিয়া আহিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা অসমৰ চাহ শ্ৰমিকৰ সাৰ্বিক উন্নয়নৰ বাবে দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰোমন্থন প্ৰক্ৰিয়ালৈ। ‘Assam vision document 2016-2025’ শীৰ্ষক নথিখনত ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা চাহ শ্ৰমিকসকলৰ সামগ্ৰিক দুৰৱস্থাৰ বিষয়ে এনেদৰে উল্লেখ কৰা হৈছিল–

(১) ১৯৫১ চনতে বাগিচাৰ শ্ৰমিকসকলৰ প্ৰাথমিক কল্যাণমূলক সুবিধা, যেনে–যথাযথ গৃহ, শিশু যতন কেন্দ্ৰ, বিদ্যালয়, সাহায্যযুক্ত খাদ্যশস্য, প্ৰয়োজনীয় অনাময় আদি প্ৰদানৰ বাবে বাগিচা শ্ৰমিক আইন (Plantation Labour Act) প্ৰণয়ন কৰা হৈছিল অথচ আজি ৫৫ বছৰ ধৰি কংগ্ৰেছৰ শাসনৰ পাছতো এই আইনখন সামগ্ৰিকভাৱে বলৱৎ কৰা নহ’ল।

(২) অসমৰ ৯০ শতাংশ চাহ বাগিচাত মাধ্যমিক বিদ্যালয় নাই, ৫০ শতাংশ বাগিচাত প্ৰাথমিক বিদ্যালয় নাই।

(৩) ৰাজ্যখনৰ সামগ্ৰিক প্ৰসূতি মৃত্যুৰ ভিতৰত প্ৰথমবাৰৰ বাবে মাতৃ হ’ব লগা মহিলাৰ ৬০ শতাংশ মৃত্যুৱেই হয় চাহ বাগিচাসমূহত। তাৎক্ষণিকভাৱে স্বাস্থ্যসেৱাৰ সুবিধা লাভ নকৰাৰ বাবেই এনে মৃত্যু সংঘটিত হয়।

(৪) অসমৰ ৭০ৰ পৰা ৯০ শতাংশ চাহ শ্ৰমিকেই ৰক্তহীনতা ৰোগত আক্ৰান্ত।

(৫) অসমৰ ১৭ শতাংশ চাহ শ্ৰমিকেই যক্ষ্মা ৰোগত আক্ৰান্ত হয়।

(৬) অসমৰ ৮০ শতাংশ চাহ শ্ৰমিকৰে যথাযথ স্বাস্থ্যসন্মত শৌচালয় নাই।

(৭) অসমীয়া মানুহৰ বাবে চাহেই হৈছে গৌৰৱৰ প্ৰতীক। অথচ অসমৰ চাহ শ্ৰমিকসকলৰ অৱস্থা অতি শোচনীয়।শেহতীয়াভাৱে বি বি চিত (BBC) প্ৰকাশ কৰা এক প্ৰতিবেদন অনুযায়ী অসমৰ চাহ বাগিচাৰ বাবে উৎপাদিত চাহৰ বজাৰ মূল্য যিমান তাৰ এক শতাংশতকৈও কম অৰ্থ বাগানৰ শ্ৰমিকসকলৰ সৰ্বমুঠ মজুৰিত খৰচ হয়।

উল্লিখিত তথ্যত চাহ শ্ৰমিকসকলৰ জীৱন-জীৱিকাৰ শোচনীয় অৱস্থাৰ কথা পাতনিতে বৰ্ণনা কৰি তাৰ নিৰাময়ৰ বাবে বিজেপিয়ে কি কি প্ৰতিশ্ৰুতি দিছিল তালৈ লক্ষ্য কৰক ঃ

# অসমৰ চাহ সম্প্ৰদায়ৰ কল্যাণৰ বাবে এটা সঞ্চালকালয়ৰ স্থানত বিভাগ স্থাপন।

# ভাৰতবৰ্ষৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত চাহ শ্ৰমিক সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান।

# ১৯৫১ চনৰ চাহ শ্ৰমিক আইনৰ যথাযথ প্ৰয়োগ কৰিবলৈ সংশোধন তথা বিশেষজ্ঞ আৰু আইনখনৰ দ্বাৰা প্ৰভাৱিতসকলৰ উপদেশ লৈ প্ৰয়োজনীয় পৰিৱৰ্তন ঘটোৱা।

# চাহ সম্প্ৰদায়ৰ বাবে এখন সুকীয়া গৃহ মণ্ডল (Housing Board) স্থাপন আৰু অসমৰ চাহ বাগিচাত থকা অতিৰিক্ত মাটিবোৰ তেওঁলোকৰ মাজত আবণ্টন দিয়া।

# পুৰণি চৰকাৰী আঁচনিৰ অৱসান ঘটাই সকলো চাহ শ্ৰমিকৰ ভৱিষ্যতৰ বাবে তেওঁলোকক ভৱিষ্যনিধি পুঁজিৰ অধীনলৈ অনা।

# চাহ শ্ৰমিকৰ সাৰ্বিক, সামাজিক অগ্ৰগতিৰ বাবে বিত্তীয় সাহায্য আৰু গাঁথনিগত বিন্যাসেৰে সকলো স্তৰৰ শিক্ষা প্ৰদানৰ সুবিধা প্ৰদান কৰা।

# যুৱ চাহ শ্ৰমিক আৰু চাহ শ্ৰমিক পৰিয়ালৰ সদস্যক ক্ষুদ্ৰ ঋণৰ সুবিধা কৰি দিয়া।

# স্ব-নিয়োজন আৰু ব্যৱসায়িক উদ্যম গঢ়িবলৈ উৎসাহিত কৰা।

# অসমৰ প্ৰতিজন চাহ শ্ৰমিকে যাতে ন্যূনতম মজুৰি লাভ কৰে তাৰ বাবে চৰকাৰে যথাযথ হস্তক্ষেপ কৰা। আৰু

# অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকৰ ঘৰত ইলেক্¿ট্ৰক মিটাৰ স্থাপন কৰা।

পাতনিত উল্লেখ কৰা চাহ শ্ৰমিকৰ শোচনীয় অৱস্থাৰ বৰ্ণনাৰ তুলনাত অলপ দুৰ্বল সুৰত দিয়া উল্লিখিত প্ৰতিশ্ৰুতিবোৰ অসমচৰকাৰে বিগত প্ৰায় দুই বছৰ দহ মাহত কিমান শতাংশ পূৰণ কৰিলে তাৰ বিচাৰ অসমৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ ওপৰত এৰিছোঁ। মাথোঁ ইয়াত মজুৰিৰ এক প্ৰসংগ দাঙি ধৰিবলৈ বিচাৰিছোঁ।

অসম চৰকাৰে বিগত বৰ্ষতে চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ৩৫১ টকা হ’ব বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে গঠন কৰা ন্যূনতম মজুৰি উপদেষ্টামণ্ডলীয়ে এই মজুৰিৰ অনুমোদনো কৰিছিল।

বৰ্তমান তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা পল্লৱলোচন দাস আৰু অন্যান্য চৰকাৰী বিষয়াৰ দ্বাৰা গঠিত এই মণ্ডলীৰ দ্বাৰা ন্যূনতম মজুৰি অনুমোদন কৰাৰ পাছতো আজিপৰ্যন্ত অসমৰ চাহ শ্ৰমিকসকলে এই মজুৰি কিয় লাভ নকৰিলে তাৰ জবাব বিজেপি দলে অসমৰ চাহ শ্ৰমিকসকলক দিব লাগে।

উল্লেখ্য, এই মণ্ডলীৰ দ্বাৰা চাহ শ্ৰমিকৰ মজুৰি ৩৫১.৩৩ টকা নিশ্চিত কৰাৰ পাছত The consultative committee of planters Association (CCPA) শীৰ্ষক চাহ বাগানৰ মালিকসকলৰ সংগঠনটোৱে অসম চৰকাৰৰ আগত এক আপত্তি প্ৰদৰ্শন কৰিছিল।

এই আপত্তি প্ৰদৰ্শনৰ পাছত অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ দ্বাৰা বিষয়টো বিবেচনা কৰিবলৈ এজনীয়া আয়োগ গঠন কৰি দিছিল যদিও সেই আয়োগে সৰ্বশেষত বিবাদটো সন্দৰ্ভত কি মতামত দিলে তাক আজিলৈ গম পোৱা নগ’ল।

চাহ বাগানৰ মালিকসকলৰ আপত্তিৰ পাছত অসম চৰকাৰে কি কাৰণত আজিলৈ নিজ দলীয় প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকক ধাৰ্য ন্যূনতম মজুৰি দিয়া নাই তাকো বিজেপি দলে ৰাজহুৱা কৰিব লাগে।

যৎসামান্য চৰকাৰী সাহায্যত সন্তুষ্ট নহৈ চাহ শ্ৰমিকসকলে মজুৰিৰ প্ৰশ্নটো যথাযথভাৱে উত্থাপন কৰিব পাৰিলেহে তেওঁলোকৰ সাৰ্বিক কল্যাণ সাধন হ’ব।

(লেখকৰ ই-মেইল ঃ [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd