উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত অসম সন্তান অৰিজিৎ প্ৰসাদ

Arijit-750x375

অৰিজিৎ প্ৰসাদ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ এখন পূৰ্ণাংগ ন্যায়িক বৈঠকত অসমৰ তৰুণ অধিবক্তা অৰিজিৎ প্ৰসাদক উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰা হয়।

তথ্য অনুসৰি, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তালৈ এইদৰে এতিয়ালৈকে মনোনীত কৰাসকলৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা দ্বিতীয়গৰাকী আৰু আটাইতকৈ কনিষ্ঠতম অধিবক্তা।

এগৰাকী মেধাবী ছাত্ৰ হিচাপে লণ্ডন স্কুল অফ ইক’নমিকছৰ পৰা এল এল এম ডিগ্ৰাধাৰী অৰিজিৎ প্ৰসাদ অসমৰ প্ৰাক্তন মন্ত্ৰী বিষ্ণু প্ৰসাদৰ পুত্ৰ।

বাতৰি অনুসৰি, ভাৰতৰ উচ্চতম ন্যায়ালয়ে অৰিজিৎ প্ৰসাদক আন ৩২ গৰাকী অধিবক্তাৰ সৈতে জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰিছে।

২০১৮ৰ আগষ্ট মাহত জাৰি কৰা ‘’ছুপ্ৰীম কোৰ্ট গাইডলাইনছ টু ৰেগুলেট কনফাৰমেন্ট অফ ডেজিগনেশ্যন অফ ছিনিয়ৰ এডভোকেটছ,২০১৮’’ অনুসৰি উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা পদলৈ মনোনীত কৰা এইটো হ’ল দ্বিতীয়টো উদাহৰণ।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ আদালতখনত প্ৰেক্টিছ আৰম্ভ কৰা ২৫গৰাকী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশক জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰিছিল।

গাইডলাইনসমূহে ‘’কমিটি ফৰ ডেজিগনেশ্যন অফ ছিনিয়ৰ এডভোকেটছ’’ নামৰ স্থায়ী কমিটিখনক এনেধৰণৰ মৰ্যাদা প্ৰদানৰ বিষয়সমূহ চোৱাচিতা কৰাৰ বাবে ক্ষমতা প্ৰদান কৰিছে।

উক্ত কমিটিখনত ভাৰতৰ মুখ্য ন্যায়াধীশ অধ্যক্ষ হিচাপে থকাৰ লগতে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ, ভাৰতৰ এটৰ্ণি জেনেৰেল, অধ্যক্ষই মনোনীত কৰা বাৰ কাউন্সিলৰ এগৰাকী সদস্যৰ লগতে আন সদস্য আছে।

এটা কেলেণ্ডাৰ বৰ্ষত এই কমিটিখনে কমেও দুবাৰ বৈঠক অনুষ্ঠিত কৰিব লাগে। তদুপৰি, কমিটিৰ আন সদস্যসকলৰ লগত আলোচনা কৰি ভাৰতৰ মুখ্য ন্যায়াধীশে সিদ্ধান্ত গ্ৰহণ কৰা আৰ্হি অনুসৰি ইয়াৰ এখন স্থায়ী সচিবালয়ো থাকিব।