অসমত পুনৰ ৬ মাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন

Afspa-680x365-570x320

ফাইল চিত্ৰ

ৰাষ্ট্ৰীয় নাগৰীক পঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত অসমত পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হ’ল বহু বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ।

বুধবাৰে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি মতে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ৩নং ধাৰাৰ অধীনত আৰোপিত ক্ষমতাৰ ভিত্তিত অসমৰ ৰাজ্যপালে সমগ্ৰ ৰাজ্যখনকে ২৮ আগষ্টৰ পাছৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহ পৰ্যন্ত ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰিছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশ পোৱা মতে, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টচাৰ্যই কয়, ‘বৰ্তমান পৰিস্থিতি শান্ত হৈ আছে যদিও এন আৰ চি প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত আফ্ছপা উঠাই লোৱাৰ আমি সিদ্ধান্ত নলওঁ।’

মন কৰিবলীয়া যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সুযোগ লৈ সশস্ত্ৰ বাহিনীসমূহে অসমত মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ তুলি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সংগঠনে শীঘ্ৰেই অসমৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ বাবে চৰকাৰক দাবী জনাই আহিছে। কিন্তু চৰকাৰৰ এই ঘোষণাৰ পিছত ৰাজ্যখনত উক্ত আইনখন পুনৰ ছমাহৰ বাবে বাহাল থকাটো নিশ্চিত হৈ পৰিল।