অসমৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ সাজু কেন্দ্ৰ

Afspa-680x365

ফাইল ফটো

সুদীৰ্ঘ ২৯ বছৰৰ বিৰতিত অসমৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন(আফস্পা) প্ৰত্যাহাৰ কৰিবলৈ সাজু হৈছে কেন্দ্ৰ। বাতৰি অনুসৰি, কেন্দ্ৰই ৰাজ্যখনৰ পৰা শীঘ্ৰেই সেনা বাহিনীক উঠাই নিয়াৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিছে।

১৯৯০ চনৰ ২৭ নৱেম্বৰত অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) বলবৎ কৰা হৈছিল। তদানীন্তন সময়ত উগ্ৰপন্থী সংগঠন আলফাই চলোৱা ব্যাপক কূটাঘাতমূলক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত আইনখন প্ৰয়োগ কৰা হৈছিল।

আলফাৰ আক্ৰমণত ৰাজ্যখনত বহু সংখ্যক লোক নিহত হোৱাৰ সময়তে অসমক ‘অশান্ত অঞ্চল’ ঘোষণা কৰাৰ লগতে আফস্পা প্ৰয়োগ কৰে।

অৱশ্যে, সময় যোৱাৰ লগে লগে হিংসাত্মক ঘটনা হ্ৰাস পাবলৈ লোৱাত সেনাই ৰাজ্যখনৰ বেছিভাগ জিলাৰ পৰাই আফস্পা প্ৰত্যাহাৰ কৰে আৰু আৰক্ষী বাহিনীয়ে ইয়াৰ স্থান গ্ৰহণ কৰে।

কেন্দ্ৰই আইনখনৰ ম্যাদ হয় বৃদ্ধি কৰক বা প্ৰত্যাহাৰ কৰক বুলি নিৰ্দেশ দিয়াৰ পাছত যোৱা বছৰ অসম চৰকাৰে দুবাৰকৈ আফস্পাৰ ম্যাদ বৃদ্ধি কৰে।

ৰাজ্য চৰকাৰে দাবী কৰা মতে ৰাজ্যখনত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামৰ বাবেই আইনখনৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

আফস্পা হৈছে সংসদে গৃহীত কৰা এখন আইন য’ত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা স্থানত শান্তি শৃংখলা অটুট ৰখাৰ বাবে সেনা বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে।