ভাৰত-ভূটান সীমান্তত অস্ত্ৰ-শস্ত্ৰসহ এন ডি এফ বি (এছ)ৰ কেডাৰ আটক

NDFB (S) arrested

ভাৰতীয় সেনাৰ ১৫ নং গাড়োয়াল ৰাইফল আৰু চিৰাং জিলা আৰক্ষীয়ে আজি এক যুটীয়া অভিযান চলাই জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ এন ডি এফ বি (এছ)ৰ এগৰাকী কেডাৰ আটক কৰে।

আটকাধীন কেডাৰজনক ৰুংবেং মুছাহাৰী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশ্বস্ত সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগত ভাৰতীয় সেনাৰ ১৫ নং গাড়োয়াল ৰাইফল আৰু চিৰাং জিলা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত বেংতলত যৌথ অভিযান চলাই ৰুংবেং মুছাহাৰীক অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী সেনা আৰক্ষীৰ দলটোয়ে ধৃত এন ডি এফ বি সদস্যজনৰ কবলৰ পৰা এটা চীনত নিৰ্মিত এ কে-৫৬ ৰাইফল আৰু আমেৰিকাত নিৰ্মিত এম ২ কাৰ্বাইন ৰাইফল জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে সদস্যজনে মাৰাণাস্ত্ৰ দুটা নিজ বাসভৱনত প্লাষ্টিকেৰে মেৰিয়াই লুকুৱাই ৰাখিছিল, আজি আৰক্ষী আৰু সেনাই তেওঁৰ ঘৰত উপস্থিত হৈ কেডাৰগৰাকীয়ে লুকুৱাই ৰখা স্থানৰ পৰা মাৰাণাস্ত্ৰ দুটা উলিয়াই আনে।

অধিক তথ্যৰ বাবে সম্প্ৰতি ৰুংবেং মুছাহাৰীক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।