ৰাছিয়াৰ মধ্যস্থতাত আজাৰবাইজান-আৰ্মেনিয়াৰ যুদ্ধবিৰতিৰ সিদ্ধান্ত

AP202

নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই উক্ত বিবদমান অঞ্চলত যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছে।

আজি ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভে এই কথা প্ৰকাশ কৰি কয় যে ১০ ঘণ্টা ধৰি চলা আলোচনাৰ অন্তত দুয়ো পক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰে।

আজি মাজ নিশাৰ পৰাই নাগৰ্নো-কাৰবাখ অঞ্চলত যুদ্ধবিৰতি প্ৰযোজ্য হ’ব বুলি ৰাছিয়াৰ মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত।

এতিয়ালৈকে এই যুদ্ধত নিহত হৈছে দুয়ো পক্ষৰ তিনিশৰো অধিক সৈনিক। ইপিনে আজাৰবাজিানৰ পক্ষত থিয় দিছে তুৰস্কই।

এই যুদ্ধ যাতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ বহু দেশে আহ্বান জনাই আহিছে।

যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ছুইজাৰলেণ্ডে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কোনো পক্ষই সেই প্ৰস্তাৱত সঁহাৰি দিয়া নাছিল।।

ছুইজাৰলেণ্ডৰ চৰকাৰে কৈছে যে আজাৰবাইজান আৰু আৰ্মেনিয়াই আন্তৰ্জাতিক আইন মানি চলা উচিৎ।

ছুইজাৰলেণ্ডে সদায় সাধাৰণ মানহিৰ নিৰাপত্তাৰ দিশটোক অধিক গুৰুত্ব দিয়ে বুলি দেশখনৰ চৰকাৰে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰিছিল।