বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

index

ফটো: নৰ্থইষ্ট নাও।

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ চৰাইবিল সীমান্ত চকীৰ অধীনৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

জানিব পৰা মতে, এক সশস্ত্ৰ উগ্ৰপন্থী গোটে সংৰক্ষিত বনাঞ্চলখনত অস্ত্ৰখিনি লুকাই ৰাখিছিল।

বিটিচিৰ আৰক্ষী মহা পৰিদৰ্শক এল আৰ বিষ্ণইয়ে কয় যে এক উগ্ৰপন্থী গোট এম বাথাৰ এন এল এফ বিয়ে এই অস্ত্ৰসমূহ লুকাই ৰাখিছে।

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবিযান চলাইছিল।

আৰক্ষীৰ দলটোৱে সংৰক্ষিত বনাঞ্চলখনৰ পৰা তিনিটা এ কে ছিৰিজৰ ৰাইফল,তিনিটা মেগাজিন, ১৫৭ৰাউণ্ড গুলীবাৰুদ উদ্ধাৰ কৰে।

দলটোৱে লগতে কম্বল,টাৰ্পোলিন শ্বিট, মেডিচিনৰ লগতে চাউল, মটৰ, পিঁয়াজ, নিমখ, মিঠাতেলৰ দৰে আন সামগ্ৰীও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে।

সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী চলোৱা হয় যদিও ৪ কিলোমিটাৰৰ ভিতৰত একো বিচাৰি পোৱা নগ’ল।

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এই ঘটনাৰ তদন্ত কৰি আছে।

ইয়াৰ মাজতে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে গোটেই জিলাখনতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অহা ৬ এপ্ৰিলত কোকৰাঝাৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।