NORTHEAST NOW (Assamese)

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত সন্ত্ৰাসবাদীঃ অব্যাহত অভিযান

April 5, 2024 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এজন সন্ত্ৰাসবাদী। উপত্যকাটোৰ বাৰামুল্লা জিলাৰ উৰিত হৈছে এই ঘটনা।  

নিয়ন্ত্ৰণ ৰেখাৰ কাষত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা এজন সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ গুলীত নিহত হয় বুলি সেনা্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

সেনাৰ সূত্ৰই সদৰী কৰা মতে, সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱশস কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ এটা দলত লক্ষ্য কৰি গুলীচালনা কৰে ভাৰতীয় সেনাৰ দলে।

সেনাৰ বাধা পাই সন্ত্ৰাসবাদীৰ দলটো পিছুৱাই যায় যদিও এজন সদস্যৰ মৃত্যু হয় বুলি দাবী কৰে সেনাই।

সংঘৰ্ষৰ পিছত অঞ্চলটোত অনুসন্ধান অভিযান চলি থকা বুলি সেনাৰ সূত্ৰই লগতে প্ৰকাশ কৰিছে।

তদুপৰি এই সংঘৰ্ষৰ পিছতে সেই স্থানলৈ অতিৰিক্ত বাহিনীক প্ৰেৰণ কৰা হয় বুলিও জানিবলৈ দিছে কৰ্তৃপক্ষই।

Related News