এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অৰ্ণৱ গোস্বামীৰ; সম্পাদকীয় নীতি আপোচ কৰাৰ অভিযোগ গোস্বামীৰ

arnab-goswami

ৰিপাব্লিক টিভিৰ সম্পাদক তথা এংকৰ অৰ্ণৱ গোস্বামীয়ে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সদস্য পদ ত্যাগ কৰিছে।

ৰিবাব্লিক টিভিৰ নিজৰ লাইভ অনুষ্ঠানত সোমবাৰে নিশা এই কথা ঘোষণা কৰে সাংবাদিকগৰাকীয়ে।

মহাৰাষ্ট্ৰ পালঘৰ গণপ্ৰহাৰত দুই সাধু মৃত্যু হোৱাৰ ঘটনাটোৰ সন্দৰ্ভত এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই নিশ্চূপ হৈ ৰোৱা বুলি অভিযোগ উত্থাপন কৰে অৰ্ণৱ গোস্বামীয়ে।

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সম্পাদক শেখৰ গুপ্তাৰ বিৰু্দ্ধে গুৰুতৰ অভিযোগ তুলি তেওঁ গীল্ডৰ সদস্যপদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ অভিযোগ কৰে যে গীল্ডৰ অধ্যক্ষ শেখৰ গুপ্তাই সম্পাদকীয় নীতিৰ সৈতে আপোচ কৰিছে।

গোস্বামীৰ নিজৰ লাইভ অনুষ্ঠানটোত গীল্ডৰ অধ্যক্ষ শেখৰ গুপ্তাও অংশগ্ৰহণ কৰিছিল।

‘এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়া হৈছে স্বয়ং-সেৱা সংস্থা। ময়ো দীৰ্ঘদিন ধৰি এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছো। লাইভ অনুষ্ঠানতে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই সম্পাদকীয় নীতিত আপোচ কৰাৰ বাবে মই ইয়াৰ সদস্যৰ পদৰ পদত্যাগ কৰিছো।’ এইদৰে কয় সংবাদিক অৰ্ণৱ গোস্বামীয়ে।

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সোমবাৰে কয় যে ইতিমধ্যে পালঘৰ গণ প্ৰহাৰৰ ঘটনাটোৰ তদন্তৰ ভাৰ চি আই ডিক অপৰ্ণ কৰিছে।

‘আমি দুজন আৰক্ষীক নিলম্বন কৰিছো আৰু চি আই ডিৰ ক্ৰাইমৰ এ ডি জি অতুলচন্দ্ৰ কুলকাৰ্ণীক গোটেই ঘটনাটো তদন্তৰ বাবে নিযুক্ত কৰিছো।’ সোমবাৰে এক ফেইচবুক লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই সাম্প্ৰদায়িক গণপ্ৰহাৰৰ ঘটনা নহয়। ইয়াক সাম্প্ৰদায়িক ৰং দিয়া উচিত নহয়।

এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো তেওঁ অৱগত কৰা বুলি জনায়।