প্রায় সকলো দেশৰ ৰাজনীতিকে নিৰ্বাচনৰ সময়ত ভোটদাতাসকলৰ মন জয় কৰিবলৈ অলেখ প্রতিশ্রুতি দিয়ে।সেই বিলাক কিমান মোহনীয় ভাবে প্ৰচাৰ কৰিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে নিৰ্বাচনী যুঁজত জয়-পৰাজয়ৰ খেলখন। আধুনিক যুগত এই সত্যটো প্রমাণ কৰিবলৈ দেধাৰ উদাহৰণ দিব পাৰি। তাৰে এটা ভয়ানক উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।
১৯৫২ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী জেনেৰেলডোৱায়িত দ্য আইছেন হাওয়াৰে প্রচাৰ অভিযানৰ সময়ত কৈছিল যে তেওঁ নিৰ্বাচনত জয়ী হ’লে পূব ইউৰোপক ছোভিয়েত দখলৰ পৰা মুক্ত কৰিব। কোৱা বহুল্য যে দ্বিতীয় মহাসমৰৰ সময়ত সমগ্ৰ পূব ইউৰোপ নাজী জাৰ্মানীয়ে দখল কৰিছিল। যুদ্ধৰ শেহৰ পিনে ছোভিয়েত বাহিনীয়ে সেই অঞ্চলটো মুক্ত কৰি তাক মস্কোৰ প্রভাৱ ক্ষেত্ৰত পৰিণত কৰিলে। যুদ্ধ শেষ হ’ল; কিন্তু ৰেড আৰ্মী তাৰ পৰা আঁতৰি নগ’ল। অৰ্থাৎ পূব ইউৰোপ ছোভিয়েত দখলভূক্ত হ’ল। আমেৰিকানসকল এই ঘটনাত চিন্তিত হ’ল।
তেওঁলোকে ইয়াক ছোভিয়েত আগ্ৰাসন বুলি গণ্য কৰিলে আৰু তাৰ পৰিসমাপ্তি ঘটাব বুলি হুংকাৰ দি ১৯৫২ চনৰ নিৰ্বাচনৰ সময়ত ৰিপাব্লিকান দল আৰু প্ৰাৰ্থীয়ে ঘোষণা কৰিলে যে তেওঁলোক নিৰ্বাচনত বিজয় হ’লে পূব ইউৰোপক ছোভিয়েত দখলৰ পৰা মুক্ত কৰিব। তাৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলক ছোভিয়েত বাহিনীক তেওঁলোকৰ দেশৰ পৰা খেদি পঠিয়াবলৈ বিদ্ৰোহ কৰিবলৈ উচতনি দিলে। ফলত ১৯৫৩ চনত পোলেণ্ডৰ উদ্যোগ-প্ৰধান নগৰ পোজনানত বিদ্ৰোহ হ’ল। তাত থকা ছোভিয়েত বাহিনীয়ে এই বিদ্ৰোহ কঠোৰ হাতে দমন কৰিলে। ১৯৫৬ চনত হাংগেৰীত একে ধৰণৰ ভয়ানক বিদ্ৰোহ হ’ল। মস্কোৱে সামৰিক অভিযান চলাই তাক দমন কৰিলে। অগণন মানুহ মৃত্যুৰ মুখত পৰিল। ১৯৬৮ চনত চেকোশ্লাভাকিয়াত একে বিদ্ৰোহ হ’ল। তাৰ দশাও হাংগেৰীৰ নিচিনা হ’ল।
আমেৰিকাই নিৰাপদ দূৰত থাকি এইবিলাক বিদ্ৰোহ দমন-কাৰ্য আৰু নিৰীহ নাগৰিকৰ হত্যাযজ্ঞ চাই থাকিল। কেৱল মস্কোক গৰিহণা দি ক্ষান্ত থাকিল। ১৯৫২ চনৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হ’ল। এতিয়া ইউক্ৰেনত তাৰ পুনৰাবৃত্তি চলিছে। আমাৰ দেশতো ১৯৭১ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ইন্দিৰা গান্ধীয়ে ‘গৰিবী হটাও’ প্ৰতিশ্ৰুতি দিছিল। দাৰিদ্ৰ্য আঁতৰিল জানো? ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে আৰু প্রধানমন্ত্ৰী-প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে কিমান কি প্রতিশ্ৰতি দিলে! উদাহৰণ স্বৰূপে – তেওঁ বাংলাদেশী অনুপ্রৱেশকাৰীক তালি-টোপোলা বান্ধিবলৈ সকীয়নী দিলে, কাৰণ তেওঁৰ চৰকাৰে তেওঁলোকক ১৬ মে’ৰ ভিতৰত খেদি পঠিয়াব। সেই প্রতিশ্ৰুতি পালন কৰাটো দূৰৰ কথা এতিয়া বিদেশী আনি দেশত বহুৱাবলৈ আইনগত ব্যৱস্থাহে কৰিলে। জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ অংগীকাৰ লোৱাসকলে তাকে কৰি অসমীয়া মানুহৰ ভাষা-সংস্কৃতিলৈ ভাবুকিৰ স্থল আনিলে।
ইয়াৰ প্রতিবাদত অসমত ব্যাপক আন্দোলন হ’ল। পাঁচজন ব্যক্তি মৃত্যুৰ মুখত পৰিল। অসম চৰকাৰে ইয়াৰ কোনো অনুসন্ধান নকৰিলে। মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ কোনো সমবেদনা নজনালে। ক্ষতিপূৰণ বা আৰ্থিক সাহায্যৰ কোনো ব্যবস্থা নহ’ল। ইয়াৰ লগতে আৰু এটা কথা কোৱাৰ প্রয়োজন আছে। ২০১৫ চনৰ ৬ জুনত আমাৰ কেন্দ্রীয় চৰকাৰে বাংলাদেশৰ সৈতে ভূমি হস্তান্তৰ চুক্তি কৰি ১১১ টা enclave সেই দেশক গটাই দিলে। তাৰ মাটিকালি আছিল ১৭,১৬০.৬৩ একৰ। তাৰ বিনিময়ত ভাৰতে পালে ৫১ টা enclave, মাটিকালি ৭,১১০.০২ একৰৰ। সদায় বাংলাদেশক শত্ৰুজ্ঞান কৰা আমাৰ জাতীয়তাবাদী নেতাসকলে কোমল প্রতিবাদ কৰিলে। লগতে আৰু এষাৰ কথা ক’ব লাগিব যে ২০১১ চনত ‘মনমোহন সিং আৰু শ্বেইখ হাছিনাৰ মাজত প্রটক’ল’ স্বাক্ষৰিত হোৱাৰ সময়ত ভূমি হস্তান্তৰৰ বিষয়টো চৰ্চিত হৈছিল। ভাৰতৰ প্রধান মন্ত্ৰীগৰাকীয়ে দেশৰ ভূমি হস্তান্তৰত দেশৰ যাতে কোনো ক্ষতি নহয় সেই মতত দৃঢ় থাকিল। দুয়োগৰাকী নেতাই স্থিতাৱস্থা মানি চলিবলৈ সন্মত হৈছিল। ভাৰতৰ এক ইঞ্চি মাটিও নিদিও বুলি কোৱা বৰ্তমানৰ শাসক দলে ইমান এটা গুৰত্বপূৰ্ণ বিষয়ত অসমৰ জনসাধাৰণৰ সৈতে আলোচনা কৰাৰ কোনো প্রয়োজনবোধ নকৰিলে।
অলেখ প্রতিশ্ৰুতিৰ মাজত গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে নিৰ্মাণ কৰাটো আছিল অন্যতম। তাৰ বাবত হাজাৰ কোটি টকা কেন্দ্ৰই আৱন্টন দিছিল। স্মাৰ্ট চিটি কি হ’ল সেয়া যোৱা জুন মাহৰ বানপানীৰ সময়ত মহানগৰখনৰ কদৰ্য ৰূপে সকলো কথা উন্মোচন কৰিলে। এই বিষয়ে অন্য এক শিতানত আলোচনা কৰা হ’ব। যোৱা ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত কোৱা হৈছিল যে ছুইছ বেংকত থকা ক’লা ধন উলিয়াই ভাৰতৰ প্রতিজন নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা জমা দিয়া হ’ব। আমি হ’লে এতিয়ালৈকে তেনে কোনো ধন পোৱা নাই; কোনো সৌভাগ্যবানে কিবা পাইছে যদি নাজানো৷ তেতিয়া বহুতো জনা-শুনা-জ্ঞানী মানুহে কৈছিল যে যিটো প্রতিশ্ৰুতি নৰেন্দ্ৰ মোডীয়ে জনতাক দি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচাৰিছে, সেয়া এক ‘বন্মলা’ৰ বাহিৰে আন একো নহয়।
কাৰণ ছুইছ বেংকত ভাৰতীয়ই জমা ৰখা ধন ক’লা ধন বুলি প্রমাণ কৰিব নোৱাৰি। গতিকে তাক ঘূৰাই আনিবও নোৱাৰি। প্রচাৰ মাধ্যমৰ শেহতীয়া তথ্য অনুসৰি সেই ধনৰ পৰিমাণ এতিয়া পাঁচ গুণলৈ বৃদ্ধি পাইছে। চৰকাৰে আন নালাগে নিজৰ হাতত থকা তথাকথিত ক’লা ধনৰ গৰাকীৰ নাম থকা তালিকাখনকে আজিলৈকে ৰাইজৰ আগত তুলি নধৰিলে। এইবিলাক অপ্ৰিয় সত্য এতিয়া ই-মাধ্যমত প্রকাশ পাবলৈ ধৰিছে। সেই সময়ত আৰু তাৰ পৰৱৰ্তী কালত যিবোৰ প্রতিশ্ৰুতি দিছিল সেইবিলাকৰ কথা সকলে৷ সচেতন নাগৰিকে জানে। গতিকে এই লেখাত তাকে উল্লেখ কৰি পাঠকসকলক আমনি দিয়াৰ পৰা বিৰত থাকিলোঁ।
মুঠতে নিৰ্বচনী ৰাজনীতিৰ সৈতে ওতঃ-প্রোতভাবে জড়িত জনতাক আঁভুৱা-ভঁৰা প্রতিশ্রুতি প্রদান এক স্বাভাৱিক কথা। সকলো ৰাজনীতিকে জানে যে সাধাৰণ জনতাৰ স্মৰণশক্তি অতি দুৰ্বল। আজি শুনা কথা কাইলৈ তেওঁলোকে পাহৰি যাব। গতিকে নিশ্চিন্তভাবে জনতাক মোহাচ্ছন্ন কৰিব পৰা কথা কোৱাত কোনো নৈতিক বাধা নাই বুলি তেওঁলোকে ভাবি লৈ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে। পাঁচ বছৰলৈ ক্ষমতাত থকাৰ শেষৰ মাহ কেইটাত নতুন বিষয় উলিয়াই লৈ দুনাই ভোটাৰক ঠগাৰ কৌশল উলিয়াই ল’ব পাৰিলেই হ’ল। এইদৰে গণতন্ত্ৰত নৈতিক প্রমূল্য আঘাতপ্রাপ্ত হয়, আৰু তাৰ মূল ভেটিৰ অৱক্ষয় হয়। এনে বিপৰ্যয় ৰোধ কেৱল জনতাই কৰিব লাগিব। পাঁচ বছৰৰ আগতে তেওঁলোকক কি প্রতিশ্রুতি দিছিল আৰু বিগত দিন বিলাকত তাৰ ফলশ্ৰুতি কি হ’ল তাৰ হিচাপ-নিকাচ কৰিবলৈ জনতা প্রস্তুত হৈ থাকিব লাগিব। সেয়ে কোৱা হয় – “eternal vigilance is the price of democracy/liberty”।
লেখক এগৰাকী নিবন্ধকাৰ