কৃত্ৰিম বানত ডুবিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ

IMG_20200701_183009

কৃত্ৰিম বানত ডুবিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

নেৰা নেপেৰা বৰষুণৰ ফলত আজি কৃত্ৰিম বানৰ ডুৱ গৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

বিমান বন্দৰটোৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বুৰ গৈছে কৃত্ৰিম বানত৷

বিমান বন্দৰৰ পাৰ্কিং স্থানো ডুব গৈছে কৃত্ৰিম বানপানীত৷

গুৱাহাটী যিহেতু উত্তৰ পূৱৰ দুৱাৰ মুখ সেয়ে বিভিন্ন ধৰণৰ যাত্ৰীয়ে ভিৰ কৰে এই বিমান বন্দৰত।

কিন্তু কৃত্ৰিম বানৰ ফলত জীয়াতু ভুগিব লগা হৈছে বিমান যাত্ৰীসকল৷

ল’কডাউনৰ বাবে আন্তৰ্জাতিক বিমানৰ উৰণ বন্ধ থাকিলেও যোৱা ২৫ মে’ৰ ঘৰুৱা বিমানৰ উৰণ পুনৰ আৰম্ভ হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পানী যোৱাৰ বাবে নলা নৰ্দমা সমূহ বন্ধ হৈ থকাৰ ফলত এনে ধৰণৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে।

বৰ্তমান বৰঝাৰ বিমান বন্দৰত ল’কডাউনৰ বাবে যাত্ৰীৰ ভিৰ নাই যদিও যিসকল আহিছে তেওঁলোকে এই কৃত্ৰিম বানৰ ফলত জীয়াতু ভুগিব লগা হৈছে।