অৰ্থৰ অভাৱত টীয়কৰ লোকবাদ্য শিল্পী অমল শইকীয়া

ফটো : নৰ্থ-ইষ্ট নাও

কিছু দিনৰ আগলৈকে ব্যক্তিজনৰ অলপো আহৰি নাছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অধিক ব্যস্ততাৰে লোকবাদ্য বজাই জীৱন জীৱিকা মোকলাইছিল তেওঁ, পোহপাল দিছিল পৰিয়ালক আৰু সাধনা কৰি গৈছিল অসমীয়া চহকী কৃষ্টি-সংস্কৃতিৰ।

এই ব্যক্তিজন হ’ল যোৰহাট জিলাৰ টীয়কৰ অন্যতম লোকবাদ্য শিল্পী অমল শইকীয়া। কলাৰ সাধনাই  আছিল তেওঁৰ পেচা। ঢোল, পেঁপা, খোল, নেগেৰা আদি বজাই মোকলাইছিল ভোকৰ ভাত, জীৱনৰ মৌলিক প্ৰয়োজনসমূহ।

কিন্তু ক’ৰ’না মহামাৰীৰ বাবে বিগত কেইবা মাহ ধৰি অনুষ্ঠিত হোৱা নাই কোনো ধৰণৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান। যাৰ বাবে অমল শইকীয়া গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত শইকীয়াৰ পৰিয়ালৰ নাই ৰেচন কাৰ্ড, নাই চৰকাৰী এখন ঘৰ৷ ৰাইজৰ সহযোগত যেনে তেনে সাজিছে এটা বাঁহৰ পজা যিটো এতিয়াও অসম্পূৰ্ণ অৱস্থাতে আছে।

অসমৰ দুখীয়া শিল্পীক সন্মান আৰু সুবিধা দিয়াৰ বহু আঁচনি লোৱা চৰকাৰখনে ঢুকি পাবগৈ নে অমল শইকীয়াৰ দৰে এই সকল প্ৰচাৰ বিমুখ শিল্পীক?

চৰকাৰৰ ভাবিবলৈ আহৰি হ’বনে অসমীয়া কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা কৰি থকা শিল্পীৰ মুখলৈ এবাৰ ঘূৰি চাবলৈ?

টীয়কীয়া ৰাইজেও আশা কৰে অমল শইকীয়াৰ দৰে এই সকল প্ৰচাৰ বিমুখ শিল্পীক চৰকাৰে কিছু আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰিব।