ৰঞ্জন গগৈৰ সমৰ্থনত অৰুণ জেইটলী : দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী

arun & ranjan

কেন্দ্রীয় মন্ত্ৰী অৰুম জেইটলী আৰু দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

দেশৰ মুখ্য ন্যায়াধীশ অসম গৌৰব ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে অনা অসমৰ্থিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিষয়টোত এইবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেইটলীৰ পৰা সমৰ্থন লাভ কৰিছে।

জেইটলীয়ে দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে ‘সংঘবদ্ধ ব্যাঘাতকাৰী’ৰ ‘অসমৰ্থিত অভিযোগত লিপ্ত কৰাৰ’ দ্বাৰা মুখ্য ন্যায়াধীশৰ প্ৰতিষ্ঠানটোক দুৰ্বল কৰাৰ অভিযোগ কৰে।‘

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে এনে লোকৰ বিৰুদ্ধে ‘দৃষ্টান্তমূলক’ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

জেইটলীয়ে এটা ব্ল’গত ৰঞ্জন গগৈৰ সমৰ্থনত দৃঢ়তাৰে স্থিতি ব্যক্ত কৰি কয় যে ‘এইটো ন্যায়িক ব্যৱস্থাটোৰ সৈতে থিয় দিয়াৰ সময়।‘’

উচ্চতম ন্যায়ালয়ে আনকি যোৱা শনিবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ পাছত এক ব্যতিক্ৰমী শুনানি অনুষ্ঠিত কৰে।

প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে তেওঁৰ শপতনামাত মুখ্য ন্যায়াধীশ গগৈৰ দ্বাৰা দুটাকৈ শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ ঘটনা বৰ্ণনা কৰিছে যি দুটা ২০১৮ চনৰ অক্টোবৰত সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে। আনহাতে, এই ঘটনা মুখ্য ন্যায়াধীশ হিচাপে গগৈয়ে নিযুক্তি পোৱাৰ এদিন পাছতে সংঘটিত হোৱা বুলি কোৱা হৈছে।

জেইটলীয়ে লগতে ব্যক্ত কৰিছে, ‘’ ব্যক্তিগত নম্ৰতা, মূল্যবোধ, নীতিবোধ আৰু সংহতিৰ দিশৰ পৰা বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী অত্যন্ত সন্মানীয় ব্যক্তি। আনকি, সমালোচকসকল যেতিয়া তেওঁৰ ন্যায়িক দৃষ্টিভংগীৰ সৈতে একমত নহয়, তেতিয়াও তেওঁৰ নীতি ব্যৱস্থাক কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই। পূৰ্বৰ গৌৰৱপূৰ্ণ অভিলেখ নথকা এগৰাকী অসন্তুষ্ট ব্যক্তিৰ সম্পূৰ্ণ অসমৰ্থিত অভিযোগৰ প্ৰতি সন্মতি দিয়াটো ভাৰতৰ মুখ্য ন্যায়াধীশৰ প্ৰতিষ্ঠানটোক অস্থিৰ কৰাৰ প্ৰক্ৰিয়াক সহযোগ কৰাহে হ’ব।‘’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘মিছাৰ আশ্ৰয় লৈ প্ৰতিষ্ঠানটোক ধ্বংস কৰিব বিচৰাসকলক এক দৃষ্টান্তমূলকভাৱে মোকাবিলা নকৰিলে, এই ধাৰাটোক সাৰ পানী যোগোৱাহে হ’ব।‘