অৰুণাচলৰ ৰাজ্যপাল ড০ বিডি মিশ্ৰৰ দ্বাৰা ১০ম টাৱাং মৈত্ৰী দিৱস উদ্বোধন

181128 Tawang Maitree Diwas (6)

আজি ২৮ নৱেম্বৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বিডি মিশ্ৰই ভাৰতীয় সেনা আৰু অৰুণাচলৰ বিশেষকৈ টাৱাং এলেকাৰ জনসাধাৰণৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক উদযাপন কৰাৰ বাবে আয়োজন কৰা ১০ম টাৱাং মৈত্ৰী দিৱস উদ্বোধন কৰে।

ৰাজ্যপালগৰাকীয়ে ফাৰ্ষ্ট লেডী নীলম মিশ্ৰৰ সৈতে মৈত্ৰী দিৱসত উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে কয় যে টাৱাং মৈত্ৰী দিৱসে জনসাধাৰণ আৰু সামৰিক বাহিনীৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক আৰু শক্তিশালী কৰিছে।

ৰাজ্যপালগৰাকীয়ে এই টাৱাং মৈত্ৰী দিৱসৰ সূচনাকাৰী প্ৰয়াত দৰ্জি খাণ্ডুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শন কৰা সাংস্কৃতিক আৰু সামৰিক প্ৰদৰ্শনৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়োজন কৰা সাংস্কৃতিক পৰিৱেশন উপভোগ কৰি ৰাজ্যপালগৰাকী আপ্লুত হৈ পৰে। তেওঁ ভাৰতীয় সেনা বাহিনী আৰু জিলা প্ৰশাসনক এই দিৱস আয়োজন কৰাৰ বাবে প্ৰশংসা কৰে।

তেওঁ আশা প্ৰকাশ কৰে যে টাৱাং মৈত্ৰী দিৱস নিয়মীয়াভাৱে আয়োজন কৰা হ’ব। তেওঁ আৰু কৈছে যে এতিয়ালৈকে মৈত্ৰী দিৱসৰ সমস্ত ব্যয় পেমা খাণ্ডু আৰু তেওংৰ পৰিয়ালবৰ্গই বহন কৰি আহিছে যদিও অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে ইয়াৰ সমস্ত ব্যয় বহন কৰিব।

তেওঁ আৰু কয়, ‘‘এই অনুষ্ঠানত যোগদান কৰাৰ বাবে দেশী বিদেশী পৰ্যটকক আমন্ত্ৰণ জনোৱা হ’ব।

ৰাজ্যপালগৰাকীয়ে ১৯০ মাউণ্টেইন ডিভিজনৰ কামাণ্ডাৰ, তেওংৰ পৰ্ধান কাৰ্যালয় আৰু সেনাসকলক  তেওঁলোকে দেশৰ জনসাধাৰণৰ প্ৰতি দেখুওৱা উৎসৰ্গামূলক মনোভাৱ, সমমৰ্মিতা আৰু মানৱতাৰ কথা উল্লেখ কৰে।

ৰাজ্যপালগৰাকীয়ে অৰুণাচলৰ সৈন্যসকলে ৰাষ্ট্ৰৰ প্ৰতি দিয়া অৱদানৰ কথা উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে অশোক চক্ৰ প্ৰাপক হাবিলদাৰ হাংপৈআং দাদাৰ সাহসিকতাৰ কথা সোঁৱৰণ কৰে। তেওঁ অৰুণাচলৰ যুৱকসকলক ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰি সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ উঠি অহা প্ৰজন্মক উদগনি দিয়াৰ বাবে ৰাজ্যখনৰ ২৭গৰাকী সামৰিক বিষয়াৰে গঠিত  হোৱা পে’ বেক টু ছচাইটী গ্ৰুপ’ প্ৰশংসা কৰে।

ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনত মোতায়েন হোৱা সামৰিক বাহিনীৰ গোটসমূহক ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদগনি দি ভাৰতীয় সামৰিক বাহিনীত যোগদানৰ বাবে যোগ্য কৰি তোলাৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানত অৰুণাচলৰ মুখ্য মন্ত্ৰী খাণ্ডু আৰু আৰু ভাৰতীয় সেনা বাহিনীৰ ৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনাণ্ট জেনেৰেল জি এছ সিনহাইও ভাষণ প্ৰদান কৰে।