উগ্ৰপন্থী সজাই নিৰীহ যুৱকক হত্যাৰ প্ৰতিবাদত উত্তাল তিৰাপ জিলা

নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অন্তৰ্গত খুনচাৰ কলাগাওঁত ছয় নং অসম ৰাইফলছ আৰু এন এছ চি এন (আই এম)ৰ মাজত সংঘটিত গুলীয়াগুলি ঘটনাত দুজনকৈ লোক নিহত আৰু এজন লোক আহত হোৱা ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা।

উক্ত গাঁও খনত সংঘটিত হোৱা এই ঘটনাত নিহত দুয়োজন লোককে নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ দুধৰ্ষ কেডাৰ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে আহত লোকজন উক্ত সময়ত ঘটনাস্থলীত উপস্থিত থকা এগৰাকী সাধাৰণ গাঁওবাসী বুলি অৱগত কৰিছিল আৰু উগ্ৰপন্থী দলটোৰ পৰা অস্ত্ৰ উদ্ধাৰৰ তথ্যও প্ৰকাশ কৰিছিল।

কিন্তু নিৰাপত্তা বাহিনীৰ এই মন্তব্যৰ বিপৰীতে শেহতীয়াকৈ স্থানীয় ৰাইজে পোহৰলৈ আনিছে নিৰাপত্তা বাহিনীটোৰ কিছু বিশেষ তথ্য। জানিব পৰা মতে উক্ত গাঁও খনত উগ্ৰপন্থীৰ দলটোৱে উপস্থিত হৈ অঞ্চলটোৰ প্ৰাক্তন জেড পি চি তথা বৰ্তমান সন্দিকৈ(গাঁও খনৰ দ্বিতীয় পৰ্যায়ৰ মুৰব্বী)ৰ দায়িত্বত থকা ৰেত’ কাখ নামৰ জনপ্ৰিয় যুৱক জনক অস্ত্ৰ দেখুৱাই পথ দেখুৱাবৰ বাবে লৈ যায়।

স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি হাফ পেন্ট আৰু হাৱাই চেন্ডেল পৰিহিত যুৱক জনক দলটোৱে লৈ যোৱাৰ সময়তে অসম ৰাইফলছৰ দলটোৱে উগ্ৰপন্থী দলটোক উদ্দেশ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰাত ৰেত’ কাখৰ লগতে এজন এন এছ চি এন (আই এম)ৰ উগ্ৰপন্থী ঘটনাস্থলীতে নিহত হয়। আনহাতে নিৰাপত্তা বাহিনীটোৰ নির্বিচাৰ গুলী ৰ্ষণত আহত হয় পাকঙাম লৱাং নামৰ গাঁওখনৰ আন এগৰাকী নিৰীহ যুৱক।

ইফালে ঘটনা সংঘটিত কৰাৰ পিছতেই নিজৰ দোষ ঢাকিবলৈ নিৰাপত্তা বাহিনীটোৱে নিৰীহ যুৱক মৃত ৰেত’ কাখক দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ সদস্য সজোৱাৰ লগতে কান্ধত গুলি লগা আনগৰাকী আহত নিৰীহ যুৱক পাকঙাম লৱাঙৰ বিষয়ে পৰিয়ালক কোনো কথা অৱগত নকৰাকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাৰ নামত পেলাই থৈ আহে। এই খবৰ জিলাখনত বিয়পি পৰাৰ লগে লগে উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা।

উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে বছৰ বছৰ ধৰি অব্যাহত ৰখা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইনৰ গইনা লৈ অৰুণাচল প্ৰদেশত দীর্ঘদিন ধৰি অসম ৰাইফলছ আৰু ভাৰতীয় সেনাই উগ্ৰপন্থী দমনৰ নামত নিৰীহ লোকসকলক অত্যাচাৰ চলাই আহিছে।

বহু স্থানীয় লোকক সেনাই আইন খনৰ আলমতে হত্যা আৰু পংগু কৰাৰ বিৰুদ্ধে অতিষ্ঠ হৈ সদৌ তিৰাপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন মহিলা সমিতি আৰু বেচৰকাৰী সংগঠনে সতিৰাপ জিলা বন্ধ ঘোষণা কৰাৰ লগতে চহৰ খনৰ বাছ ষ্টেণ্ডৰ পৰা খুনচাত অৱস্থিত অসম ৰাইফলছৰ ৬ নং গোটৰ শিবিৰলৈকে এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়।

প্ৰতিবাদী লোকসকলে নিৰীহ লোকৰ ওপৰত সেনাৰ অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনায়। একেদৰে প্ৰতিবাদকাৰী সকলে তেওঁলোকে কোনো ক্ষেত্ৰতে বৃহৎ নাগালিমৰ অংশীদাৰ নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে এন এছ চি এন উগ্ৰপন্থী সংগঠনকো অতি শীঘ্ৰেই অৰুণাচল ত্যাগ কৰিবলৈ অনুৰোধ জনায়।

সেনাৰ গুলীত নিহত নিৰীহ লোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।