দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ ইডিৰ

Arvind Kejriwal

লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে আজি দেশৰ ৰাজনীতিত সৃষ্টি হৈছে ভূমিকম্পৰ। সুৰা নীতিৰ কথিত কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ লগে লগে স্বাধীন ভাৰতৰ ইতিহাসত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অৰবিন্দ কেজৰিৱাল। তেওঁৰ গ্ৰেপ্তাৰৰ পিছতো আপে অৱশ্যে কেজৰিৱাল মুখ্যমন্ত্ৰী পদত অব্যাহত থাকিব বুলি উল্লেখ কৰিছে।

কিছুসময় পূৰ্বে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ এটা দল অৰবিন্দ কেজৰিৱালৰ বাসগৃ্হত উপস্থিত হৈছিল। চাৰ্চ ৱাৰেণ্টসহ ১২ জন বিষয়াৰ এটা দলে কেজৰিৱালৰ বাসগৃহত প্ৰৱেশ কৰি তালাচী অভিযান চলাইছিল।

দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কেইঘণ্টামানৰ পিছতে ইডিয়ে এই অভিযান চলাইছে। সুৰা নীতিৰ কথিত কেলেংকাৰীৰ গোচৰত ইডিয়ে কেজৰিৱালক ৮ বাৰকৈ চমন জাৰি কৰাৰ পিছতো কেজৰিৱালে প্ৰতিবাৰেই চমন অগ্ৰাহ্য কৰি আহিছে।  

সোমবাৰে তেওঁ দিল্লী জল ব’ৰ্ডত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সংস্থাটোৱে জাৰি কৰা চমনো অগ্ৰাহ্য কৰিছে। সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি কেজৰিৱালে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও আদালতে তেওঁক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।

 আদালতে অৱশ্যে কেজৰিৱালৰ আবেদনৰ উত্তৰ দিবলৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক নিৰ্দেশ দি বিষয়টো ২২ এপ্ৰিললৈ তালিকাভুক্ত কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে লগতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক কেজৰিৱালৰ বিৰুদ্ধে থকা প্ৰমাণ দাখিল কৰিবলৈও  নিৰ্দেশ দিছিল।