১৬ ফেব্ৰুৱাৰিৰ শপত গ্ৰহণলৈ প্ৰধান মন্ত্ৰী মোদীক আমন্ত্ৰণ অৰবিন্দ কেজৰিৱালৰ

776190-article-hcjljboaiy-1450278425

ফটো সৌজন্য: দ্য স্ক্ৰ'ল

দিল্লীৰ মুখ্য মন্ত্ৰী হিতাপে আকৌ এবাৰ দায়িত্ব ল’বলৈ আগবঢ়া অৰবিন্দ কেজৰিৱালে অহা ১৬ ফেব্ৰুৱাৰিত (দেওবাৰে) শপত গ্ৰহণ কৰিব।

উক্ত শপত গ্ৰহণ অনুষ্ঠানলৈ কেজৰিৱালে আমন্ত্ৰণ জনাইছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

সদ্য সমাপ্ত দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে মুঠ ৭০ খন আসনৰ ভিতৰত ৬২খন আসন লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে বিজেপি মাত্ৰ ৮খন আসনতহে জয়লাভ কৰে।

আপৰ আহ্বায়ক কেজৰিৱালে লগতে দিল্লীবাসীক ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া ‘তেওঁলোকৰ পুত্ৰক আশীৰ্বাদ দিবলৈ’ আমন্ত্ৰণ জনাইছে।

কেজৰিৱালে হিন্দীত টুইত কৰি লিখিছে: ‘দিল্লীবাসী, আপোনালোকৰ পুত্ৰই তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আপোনালোকৰ পুত্ৰক আশীৰ্বাদ কৰিবলৈ নিশ্চয় আহিব। দেওবাৰে, ১৬ ফেব্ৰুৱাৰিৰ দিনৰ ১০ বজাত, ৰামলীলা ময়দানত।‘

কেজৰিৱালে লগতে দলৰ স্বেচ্ছাসেৱক আৰু সমৰ্থকসকলকো তেওঁলোকৰ সক্ৰিয় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।

উল্লেখযোগ্য যে এইবাৰৰ দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল যদিও দিল্লীৰ জনসাধাৰণে কেজৰিৱালৰ কামৰ সপক্ষে ভোটদান কৰে।

আনহাতে, কেজৰিৱালৰ পূৰ্বে দিল্লীত শাসনত থকা কংগ্ৰেছ দলে এখনো আসন দখল কৰিবলৈ সমৰ্থ নহ’ল।