বিধায়ক ভাঙিবলৈ ৮০০ কোটি টকা খৰচ কৰিব বিচাৰিছে বিজেপিয়ে: কেজৰিৱালৰ বিস্ফোৰণ

BJP has set aside Rs 800 crore to buy 40 MLAs দিল্লীতো মহাৰাষ্ট্ৰৰ পুনৰাবৃত্তি হ’বলৈ গৈ আছে নেকি? অৰবিন্দ কেজৰিৱালৰ দলে বুধবাৰেই দাবী কৰিছিল যে বিজেপিয়ে দিল্লীতো ‘অপাৰেচন লোটাছ’ চলাইছে। আম আদমী পাৰ্টিৰ বিধায়ক ‘ভাঙিবলৈ’ ফোনযোগে যোগাযোগ কৰা হৈছে। ২০-২৫ কোটি টকাৰ প্ৰলোভনো দেখুওৱা হৈছে। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে এক জৰুৰী বৈঠকত বহিছিল।

বৈঠকৰ পিছত টুইটাৰত এটা পোষ্টত তেওঁ লিখিছে, “তেওঁলোকে দিল্লী চৰকাৰক ওফৰাবলৈ ৮০০ কোটি টকা ৰাখিছে। তেওঁলোকে প্ৰতিজন বিধায়কৰ বাবে ২০ কোটি টকা দি ৪০ জন বিধায়কক অঁতৰাই নিব বিচাৰে। দেশখনে জানিব বিচাৰে যে এই ৮০০ কোটি টকা কাৰ আৰু ইয়াক ক’ত ৰখা হৈছে? আমাৰ কোনো বিধায়কে দল ত্যাগ নকৰে। চৰকাৰ সুস্থিৰ। দিল্লীত চলি থকা ভাল কামবোৰ অব্যাহত থাকিব।‘’

ৰাজঘাটত বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱাল।

কেজৰিৱালৰ বৈঠকত আপৰ ৬২ জন বিধায়কৰ ভিতৰত ৫৩ জন উপস্থিত আছিল। অৱশ্যে, যিসকলে আহিব নোৱাৰিলে তেওঁলোকেও অৰবিন্দ কেজৰিৱালৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি তেওঁলোকে দাবী কৰিছে।

আপৰ নেতা সৌৰভ ভৰদ্বাজে কয় যে অধ্যক্ষই মুখ্যমন্ত্ৰীৰ সৈতে ফোনত কথা পাতি থকাৰ সময়ত তেওঁলোকে সমৰ্থনৰ আশ্বাস দিছে। এতিয়ালৈকে আপৰ ১২জন বিধায়কে স্বীকাৰ কৰিছে যে বিজেপিয়ে তেওঁলোকক প্ৰস্তাৱ দিছে। অৱশ্যে তেওঁলোক সকলোৱে জনাই দিছে যে শেষ নিশ্বাস থকালৈকে তেওঁলোক কেজৰিৱালৰ কাষত থাকিব।

লগতে পঢ়ক: অসমৰ বিদ্যালয় বন্ধ কৰাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপত কেজৰিৱালে কয়, “মই শুনিছো যে তেওঁলোকে ৪০ জন বিধায়কক উৎকোচ দিবলৈ বিচাৰিছে। মই সুখী যে শেষত এজনো বিধায়ক তেওঁলোকৰ সৈতে নাথাকিব।‘’

বৈঠকৰ পিছতেই কেজৰিৱাল আৰু তেওঁৰ সহযোগী বিধায়কসকলে দলবদ্ধভাৱে ৰাজঘাটৰ মহাত্মা গান্ধী স্মাৰকলৈ গৈ প্ৰাৰ্থনা কৰে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰথমে অভিযোগ কৰিছিল যে বিজেপিয়ে এনে এক ষড়যন্ত্ৰত লিপ্ত হৈ আছে। চিবিআইয়ে তেওঁৰ ঘৰত অভিযান চলোৱাৰ দুদিন পিছতে তেওঁক এই দাবী কৰা দেখা গৈছিল।