ব্যাপক গণ-আন্দোলনৰ সূচনা কৰিব কেজৰিৱালৰ গ্ৰেপ্তাৰেঃ অখিলেশৰ হুংকাৰ

Arvind Kejriwal Akhilesh Yadav

দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত বৃ্হস্পতিবাৰে নিশা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে।

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দেশৰ ৰাজনীতিত ব্যাপক ধুমুহাৰ সৃষ্টি কৰিছে। শাসকীয় বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী নেতাসকল। কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে দিছে এক হুংকাৰ।

বিজেপিক তীব্ৰ সমালোচনা কৰি অখিলেশ যাদৱে কেজৰিৱালৰ গ্ৰেপ্তাৰে ব্যাপক গণ আন্দোলনৰ সূচনা কৰিব বুলি সকীয়নি দিছে। যাদৱৰ অভিযোগ, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ আশংকা কৰিছে আৰু সেয়েহে বিৰোধী দলৰ নেতাসকলক জনসাধাৰণৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে।

‘নিজে পৰাজয়ৰ ভয়ৰ কাৰাগাৰত বন্দী হৈ থকা সকলে আন কাৰোবাক বন্দী কৰি কি কৰিব’ বুলি বিজেপিক কটাক্ষ কৰে অখিলেশ যাদৱে। এক টুইট যোগে অখিলেশ যাদৱে কয় যে বিজেপিয়ে পুনৰ ক্ষমতালৈ নাহে বুলি জানে।

“এই ভয়তে নিৰ্বাচনৰ সময়তযিকোনো প্ৰকাৰে বিৰোধী নেতাসকলক জনসাধাৰণৰ চকুৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। গ্ৰেপ্তাৰ মাথোঁ অজুহাতহে।”- যাদৱে কয়। এনে গ্ৰেপ্তাৰে নতুন জনবিপ্লৱৰ জন্ম দিব বুলি অখিলেশ যাদৱে টুইটটোত লগতে হুংকাৰ দিয়ে।

অখিলেশ যাদৱৰ লগতে আন বিৰোধী নেতাসকলেও কেজৰিৱালৰ গ্ৰেপ্তাৰ্ক লৈ সোচ্চাৰ হৈ পৰিছে।  কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে ‘এগৰাকী ভয়ংকৰ একনায়কত্ববাদীয়ে মৃত গণতন্ত্ৰ সৃষ্টি কৰিব বিচাৰে’ বুলি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ আক্ৰমণ কৰিছে।

আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনেও কঠোৰ সমালোচনা কৰিছে শাসকীয় বিজেপি দলক।