বৌদ্ধ আন্দোলনৰ ফলশ্ৰুতিত গো-হত্যা নিষিদ্ধ কৰা হ’ব বিশ্বৰ এখন দেশত!

cow_web-1

বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত গোহত্যা নিষিদ্ধ কৰা হ’ব দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত!

চলিত সপ্তাহত দেশখনৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষে দলৰ সংসদীয় কমিটিৰ বৈঠকৰ সময়ত সাংসদসকলৰ সন্মুখত এই সংক্ৰান্তীয় এক প্ৰস্তাৱ উত্থাপন কৰিছে।

শ্ৰীলংকাৰ সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ যে শ্ৰীলংকাৰ শাসক দল শ্ৰীলংকা পোদুজানা পেৰামুনা(SLPP)ৰ সংসদীয় দলৰ বৈঠকত দেশজুৰি গোহত্যা নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বেছিভাগ নাগৰিকেই গোহত্যাৰ বিৰোধী আৰু অনেকে গৰুক ভগৱান হিচাপে পূজা কৰে। সেয়ে গোহত্যা দেশত নিষিদ্ধ কৰা উচিত।

জানিব পৰা মতে শাসকীয় দলটোৰ সাংদসকলে অবিলম্বে গোহত্যা নিষিদ্ধ কৰাৰ সমৰ্থনত এখন আইন প্ৰণয়ন কৰাৰ পোষকতা কৰিছে।

ইফালে এই সংক্ৰান্তত শ্ৰীলংকা মন্ত্ৰীসভাৰ মুখপাত্ৰ কেহেলিয়া ৰামবুকবেলাই সংবাদ মাধ্যমক জনায় যে প্ৰধানমন্ত্ৰীয়ে দেশজুৰি গোহত্যা বন্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰু এই প্ৰস্তাৱ সাংসদসকলে সমৰ্থন জনাইছে।

“আশা কৰিছো খুব সোনকালে এই বিষয়ক এখন আইন প্ৰণয়ন কৰা হ’ব। চৰকাৰে গোহত্যা নিষিদ্ধ কৰিলে আমাৰ দেশৰ গো-মাংসৰ চাহিদা পূৰণ কৰিবলৈ বিদেশৰ পৰা আমদানি কৰা হ’ব।” কেহেলিয়া ৰামবুকবেলাই কয়।

স্মৰ্তব্য যে শ্ৰীলংকাৰ জনসংখ্যাৰ ৭০ শতাংশই হৈছে বৌদ্ধ ধৰ্মাৱলম্বী। তেওঁলোকৰ প্ৰায়সকলে গৰুক ভগৱান হিচাপে পূজা কৰে। সেয়ে দীৰ্ঘদিন ধৰি শ্ৰীলংকাৰ বৌদ্ধসকলে দেশখনত গোহত্যা নিষিদ্ধ কৰিবলৈ আন্দোলন কৰি আহিছে।

আনকি গোহত্যা বন্ধ কৰাৰ দাবীত ২০১৩ বৰ্ষৰ ২৬ জুনত সিংহল ৰাভাৱা সংগঠনৰ বৌদ্ধ ভিক্ষুসকলে ৰাজধানী কলম্বোত প্ৰবল বিক্ষোভ প্ৰদৰ্শন কৰিছিল।