দিল্লীৰ কা বিৰোধী আৰু কা সমৰ্থকৰ সংঘৰ্ষত নিহত ২৪; ‘সাধাৰণ লোক এই হিংসাত জড়িত নাই’ – কেজৰিৱাল

dddd

উত্তৰ পূৱ দিল্লীত সংঘটিত হিংসাত্মক দৃশ্যৰ স্থিৰচিত্ৰ, ফ'টো সৌজন্য- ইন্টাৰনেট

উত্তৰ পূৱ দিল্লীৰ কা বিৰোধী আৰু কা সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে ২৪ জনকৈ লোক। সংঘৰ্ষ আৰম্ভ হোৱা দিনাই মৃত্যু ঘটিছিল এজন আৰক্ষী হেড কনিষ্টবলৰ।

আজি পৰিস্থিতি অলপ উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। হিংসা প্ৰভাৱিত অঞ্চলবোৰত স্কুল কলেজ দোকান আদি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। প্ৰভাৱিত সমগ্ৰ অঞ্চলত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে। আনকি সুৰক্ষা বাহিনীৰ লোককো পথত ঘূৰি ফুৰাৰ অনুমতি দিয়া হোৱা নাই।প্ৰভাৱিত অঞ্চলবোৰত নিৰাপত্তাৰক্ষীয়ে  নিৰন্তৰ পেট্ৰলিং কৰি আছে।

যোৱা কেইদিন এই সংঘৰ্ষকলৈ নিশ্চূপ হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মুখ খুলিছে।

বুধবাৰে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে  জনসাধাৰণক শান্তি বজায় ৰাখিবলৈ আহ্বান জনাইছে।

গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱা ২৪ ঘণ্টাত তিনিখনকৈ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱাল, ভাৰতীয় আৰক্ষী সেৱাৰ শীৰ্ষ বিষয়া, প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

বৈঠকত দলীয় ৰাজনীতিৰ উৰ্দ্ধত থাকি দিল্লীৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ সকলোৱে সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ হিংসাত সাধাৰণ জনতা জড়িত নহয় বুলি কয়। বাহিৰৰ দুষ্কৃতিকাৰীয়ে এই হিংসা বিয়পাই  আছে বুলিও কয়। হিংসা আৰু বিভাজনৰ ৰাজনীতি আৰু সহ্য কৰা নহ’ব বুলিও কেজৰিৱালে স্পষ্টভাৱে ঘোষণা কৰিছে। নিহত হেড কনিষ্টবলজনৰ পৰিয়ালক ১ কোটি টকা দিয়া হ’ব বুলি দিল্লী বিধান সভাত কেজৰিৱালৰ ঘোষণা।

ইফালে একাংশ বিজেপি নেতাই জনতাক উচতনিমূলক মন্তব্য কৰি অধিক উত্তেজিত কৰি তোলাও পৰিলক্ষিত হৈছিল। সেইসকল বিজেপি নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে।

বিজেপি তথা কা সমৰ্থকসকলে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বৰ্বৰ আৰু নিমৰ্ম আক্ৰমণ কৰা দেখা গৈছে। হাতে হাতে ক্ৰিকেট ষ্টাম্প, হকী ষ্টীক, লাঠি আদিৰ লগতে দুজনমানে আগ্নেয়াস্ত্ৰ লৈ কা  বিৰোধী তথা ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছে। বহু সাধাৰণ লোকৰ লগতে আৰক্ষীৰ লোকো আহত হৈ চিকিৎসাধীন হৈ আছে।

মদজিদৰ ওপৰতো আক্ৰমণ সংঘটিত হৈছে। এটা মদজিদৰ ওপৰলৈ গৈ দুষ্কৃতিকাৰীয়ে মদজিদৰ  মাইক  ভাঙি তললৈ পেলাই দিয়াৰ লগতে ধ্বংস কৰি থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।