প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত ফুল, পোহৰ, টয়লেটৰ বাবে কিমান খৰচ কৰা হৈছিল?

89012718

নৰেন্দ্ৰ মোদীয়ে যোৱা ২০১৯চনৰ মে মাহত প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি ভৱনত হোৱা সেইবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ফুল, মোবাইল টয়লেট, লাইট, ছাউণ্ড ছিষ্টেম আদি সকলো মিলি কিমান টকা খৰচ হৈছিল সেয়া পোহৰলৈ আহিছে।

আৰটিআই কৰ্মী টি নৰসিমা মূৰ্তিয়ে আৰটিআই আইনৰ অধীনত কৰা আবেদনত অৱশেষত এই  তথ্য জানিব পৰা গৈছে।

অৱশ্যে তেওঁ দাবী কৰে যে তেওঁ বিচৰা সকলো প্ৰশ্নৰ উত্তৰ তেওঁ পোৱা নাই। তেওঁক জনোৱা মতে এই কামত ৭৩লাখ টকা ব্যয় কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই উত্তৰ পোৱাৰ বাবে আৰটিআই কৰ্মীগৰাকীয়ে বহু কন্টক অতিক্ৰম কৰিবলগীয়া হৈছিল। তেওঁ ২০১৯ৰ ৩০ মে’ত প্ৰথম আৰটিআই আবেদন কৰিছিল।  

লগতে পঢ়ক: লাইনত থিয় হোৱাটোৱে বৃত্তি! মাহিলি আয় ৫ লাখ টকা; ক’ত, কোনে এনেদৰে কৰিছে উপাৰ্জন?

টি নৰসিমা মূৰ্তিয়ে সমগ্ৰ অনুষ্ঠানটোৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিৰ বিমান খৰচলৈকে সকলো জানিব বিচাৰিছিল।

তেওঁৰ সেই প্ৰশ্নৰ তালিকা ৰাষ্ট্ৰপতিৰ সচিবালয়কে ধৰি সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা হয়। ২০১৯ৰ ৫জুলাইত ৰাষ্ট্ৰপতিৰ সচিবালয়ে জানিবলৈ দিয়ে যে সেই কাৰ্যসূচীৰ কোনো পৃথক একাউন্ট নাছিল।

কিন্তু থমকি ৰোৱা নাছিল টি নৰসিমা মূৰ্তি। তেওঁ সেই বছৰৰ জুলাইত পুনৰ উত্তৰ বিচাৰি লিখিলে। তাৰপাছত ৮আগষ্টত তেওঁ কেবল মোবাইল টয়লেটৰ খৰচৰ হিচাপটোহে পায়।

টি নৰসিমা মূৰ্তিয়ে আকৌ সকলো হিচাপ বিচাৰিলে। তাৰ পাছত যোৱা ডিচেম্বৰত তেওঁক জনোৱা হয় যে ফুল, মোবাইল টয়লেট, লাইট, ছাউণ্ডত মুঠ খৰচ হৈছিল ৭৩,১৫,৫০৫টকা।

কিন্তু এতিয়াও সন্তুষ্ট নহয় টি নৰসিমা মূৰ্তি। তেওঁ সকলো খৰচৰ হিচাপ বিচাৰি পুনৰ প্ৰেৰণ কৰিছে প্ৰশ্নৰ টোপোলা।