পূব গুৱাহাটী সমষ্টিক ৰাজ্যৰ ভিতৰতে জাকত জিলিকা কৰি তোলাৰ সপোন লোকপ্ৰিয়ৰ নাতিনীয়েকৰ

বৃক্ষৰোপন,পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আদিৰ জড়িয়তে এক সেউজ সমষ্টি গঢ়াৰ সংকল্প

a bor

ৰাজ্যৰ ভিতৰতে পূব গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰি তোলাৰ সপোন লোকপ্ৰিয়ৰ নাতিনীয়ে।

দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি পূব গুৱাহাটীৰ প্ৰাৰ্থী অসীমা বৰদলৈয়ে কয় “পূব গুৱাহাটী সমষ্টিতোৰ বিকাশৰ বাবে প্ৰাক্তন বিধায়ক জনে একোৱে নকৰিলে।খোৱাপানীৰ সমস্যা,নলা-নৰ্দমাৰ সমস্যা, কৃত্ৰিম বানপানী, মহিলাৰ নিৰাপত্তাৰ সমস্যাকে আদি কৰি  আন বহু সমস্যা সমস্যা হৈয়ে থাকি গ’ল।

“বিজেপি চৰকাৰ দিনত জাইকাৰ কাম বোৰ যি বন্ধ হৈ পৰিছিল সেই জাইকাৰ কাম আমাৰ চৰকাৰ আহিলে আকৌ আৰম্ভ হব। যাৰ সহায়ত সমষ্টি বাসীয়ে যাতে খোৱাপানী সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।পাহাৰত বসবাস কৰা লোক সকলোক মাটিৰ পট্টা দিবলৈ চেষ্টা কৰিম।লগতে নিবনুৱা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম।” অসীমাই কয়

লগতে GMC ৰ বাবে ১কোটি ৩০ লাখ টকা ২০২০-২০২১ চনৰ বাবে চৰকাৰে মুকলি কৰি দিয়াৰ পাছতো এতিয়া লৈকে কিন্তু GMC ৰ অধীনত একো কামেই সফল হৈ নুঠিল বুলি অসীম বৰদলৈয়ে উল্লেখ কৰে।