কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Ashokatami

প্রতিনিধিত্বমূলক ফ'টো

ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে কিছুমান নতুন কোভিড বিধি জিলাভিত্তিকভাৱে বলৱৎ কৰিছে।

ইতিমধ্যে ধুবুৰী জিলা দণ্ডাধীশে এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে পিক পেলোৱাতো নিষিদ্ধ ঘোষণা কৰিছে। এই নিৰ্দেশনা উলংঘা কৰা ব্যক্তিক ১০০০ টকা জৰিমনা বিহাৰ লগতে আইনী পদক্ষেপ লোৱা হ’ব বুলিও সতৰ্ক কৰি দিছে জনসাধাৰণক।

ইয়াৰ পিছতে ধুবুৰী জিলা প্ৰশাসনে পুনৰ ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ঘাটসমূহত অশোকাষ্টমী স্নানত অংশ গ্ৰহণ কৰা ব্যক্তিসকলক সম্পূৰ্ণ কোভিড বিধি পালন কৰিবলৈ আহ্বান জনাইছে।

জিলা উপায়ুক্ত কাৰ্যালয়ে প্ৰকাশ কৰা এক গোহাৰি যোগে জনাইছে যে কেৱল কোভিড নিগেটিভ ব্যক্তিসকলেহে অশোকাষ্টমীত নৈত স্নান কৰিব পাৰিব।

স্নানৰ বাবে অহা প্ৰতিজন ব্যক্তিৰে ৭২ ঘন্টাৰ ভিতৰৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ হ’ব লাগিব। লগতে যিহেতু জিলাখনত বৰ্তমান ১৪৪ ধাৰা বলবৎ আছে সেয়া ৰাইজক যিকোনো সমাবেশ আদিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে।

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত মেলামুখী পৰিৱেশৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷