ক’ভিড নিৰ্দেশাৱলী মানি চলিবলৈ কৈ গাঁওবাসীৰ লাঠিৰ কোব খালে আৰক্ষীয়ে, ৩জন আঘাতপ্ৰাপ্ত, ক’ত?

ক’ভিড-১৯ নীতি-নিৰ্দেশাৱলীসমূহ পালন কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবেই এখন গাঁৱত এটা আৰক্ষী বাহিনীৰ দলে আক্ৰমণৰ সম্মুখিন হৈছে।

গাওঁবাসীৰ আক্ৰমণৰ ফলস্বৰূপে কমেও ৩ জনকৈ আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে।

এই সংক্ৰান্তত ১২ জন গাওঁবাসীক আটক কৰা হৈছে।

ঘটনাটো সংঘটিত হৈছে ঊৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ দেবানবাহালি গাঁৱত।

শনিবাৰে বিয়লী গাওঁখনত ‘চৈতি পৰ্ব’ নামৰ উৎসৱটো পালন কৰা হয়।

উৎসৱটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

সেই উপলক্ষে তাত এএছআই বিশ্বজিৎ দাস মহাপাত্ৰৰ নেতৃত্বত এটা আৰক্ষী বাহিনী উপস্থিত হয় আৰু গাওঁবাসীক ক’ভিড নিৰ্দেশাৱলী মানি চলিবলৈ নিৰ্দেশ দিয়ে।

গাওঁবাসীয়ে আৰক্ষী বাহিনীটোক হাতত লাঠি লৈ আক্ৰমণ কৰে আৰু উক্ত স্থানৰ পৰা আঁতৰাই পঠায়।

৩ জনকৈ আৰক্ষী আঘাটপ্ৰাপ্ত হয়।

ইয়াৰ উপৰিও গাওঁবাসীয়ে আৰক্ষী বাহিনীৰ বাহনৰো ক্ষতিসাধন কৰে।

আৰক্ষীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰামতে, ঘটনাটো সম্পৰ্কত বিভিন্ন ধাৰাত ১২ জনকৈ গাঁওবাসীক আটক কৰা হৈছে।

ঘটনাটো সংক্ৰান্তত অনুসন্ধান চলি আছে।

আৰক্ষীয়ে প্ৰকাশ কৰামতে, সময়ত অধিক লোকক আটক কৰা হ’ব পাৰে।

উল্লেখযোগ্য যে ঊৰিষ্যা চৰকাৰে শেহতীয়াকৈ এটা সপ্তাহজোৰা লকডাউন ঘোষণা কৰিছে।