ভঙা হ’ব অসম গণ পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়। জানিব পৰা মতে শীঘ্ৰেই উচ্ছেদ চলিব অগপৰ মুখ্য কাৰ্যালয়ত। ইতিমধ্যে এই ক্ষেত্ৰত অগপৰ কাৰ্যালয়লৈ জাননী প্ৰেৰণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীঘলীপুখুৰী- নুনমাটি উৰণসেতু নিৰ্মাণৰ বাবে এই কাৰ্যালয়টো ভঙা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মহানগৰীৰ আমবাৰীত আছে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। ইয়াৰ লগতে অসম ষ্টাৰ্ট আপৰ কাৰ্যালয়, আন বহু কাৰ্যালয় আৰু দোকানত উচ্ছেদ চলাব কৰ্তৃপক্ষই।
স্মৰ্তব্য যে, দীঘলীপুখুৰী- নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে অসম চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব। এই উৰণ সেতু নিৰ্মাণৰ বাবে কাৰ্যালয় বা দোকান আদি ভাঙিবলৈ মুঠ ১৩ গৰাকী ব্যক্তি অনুষ্ঠানলৈ জাননী জাৰি কৰিছে জিলা প্ৰশাসনে। ইয়াৰোপৰি ৰাজপথৰ কাষত থকা বহু গছ উৰণ সেতু নিৰ্মাণৰ নামত কটা যাব।
এই কথা উল্লেখ কৰিব লাগিব যে, চৰকাৰে এনে সিদ্ধান্ত প্ৰথমবাৰৰ বাবে লোৱা নাই। পূৰ্বেও উৰণ সেতু নিৰ্মাণৰ বাবে মহানগৰীৰ বহু গছ কাটি তহিলং কৰিলে অসম চৰকাৰে। এইবাৰ পুনৰ এবাৰ উৰণ সেতু নিৰ্মাণৰ বাবে গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।