প্রতিবাদকাৰীৰ ওপৰত গুলীচালনা-লাঠীচালনা কার্যক গৰিহণা অসম সাহিত্য সভাৰ

১২ ডিচেম্বৰত জোঁৰ সমদল, ১৩ ডিচেম্বৰত গুৱাহাটী আৰু যােৰহাটত অনশন কাৰ্যসূচী ঘােষণা

Guwahati-11-12-19

নাগৰিকত্ব বিধেয়কৰ বিৰধিতাত গুৱাহাটীৰ ৰাজপথত হাজাৰ হাজাৰ লোক। বুধবাৰৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

অসম তথা উত্তৰ-পূবক আৰু অধিক অস্থিৰ, অশান্ত আৰু অগ্নিগর্ভা নকৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কঠোৰ সকীয়নি দিছে অসম সাহিত্য সভাই।

বৰ্তমানৰ অসম তথা উত্তৰ-পূবৰ অগ্নিগর্ভা পৰিস্থিতিৰ কাৰণে ভাৰত চৰকাৰেই জগৰীয়া বুলি উল্লেখ কৰি বুধবাৰে এক সংবাদ বিজ্ঞপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখােৱাই কয় যে ছাত্র-ছাত্রীৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ ৰাইজে এতিয়া কেবৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। সেই প্রতিবাদ ভাষা এতিয়াও যদি ভাৰত চৰকাৰে বুজিবলৈ চেষ্টা নকৰে, তেন্তে ইয়াৰ পৰিণতি অধিক ভয়াবহ হৈ উঠিব।

অসম সাহিত্য সভাই ভাৰত চৰকাৰক আৰু সমান্তৰালভাৱে অসম চৰকাৰক কেব গৃহীতকৰণৰ সমস্ত কার্যসূচী বাতিল কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত গণতান্ত্রিক আন্দোলনকাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চৰকাৰী পক্ষই গুলীচালনা কৰা কাৰ্যক গৰিহণা দিয়ে।

গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰাৰ পিছতাে বিভিন্ন স্থানত প্রতিবাদকাৰীসকলৰ ওপৰত যি ধৰণে লাঠীচালনা, গুলীচালনা, কন্দুৱা গেছ আদি প্রয়ােগ কৰা হৈছে, সেয়া অতিশয় দুর্ভাগ্যজনক তথা এনে নির্যাতন অসম সাহিত্য সভাই কেতিয়াও সহ্য নকৰে বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি কোনো অপশক্তিয়ে যাতে এই আন্দোলনটোক মষিমূৰ কৰিব নােৱাৰে তাৰ বাবে সকলােকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে সাহিত্য সভাই।

অসমৰ ৰাইজে ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অহা এজনাে বিদেশীৰ বােজা বহন নকৰে। সেইকাৰণে প্ৰকৃতাৰ্থত জাতিক ভালপােৱা, ভাষাক ভালপােৱা কোনাে ব্যক্তিয়ে কে সমর্থন কৰিব নােৱাৰে বুলি উল্লেখ কৰি অসম সাহিত্য সভাই ভাৰত চৰকাৰক শীঘ্ৰে কেব প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

সদায় অসমীয়া ভাষা আৰু জাতিৰ পক্ষত কাম কৰা অসম সাহিত্য সভাই কোনাে কাৰণতে কেবে মানি নলয় বুলি পুনৰবাৰ স্পষ্ট কৰি সভাৰ প্ৰতিগৰাকী কৰ্মী, প্ৰতিগৰাকী সদস্যক জিলাই জিলাই কেবৰ বিৰুদ্ধে প্রৱল প্রতিবাদ সাব্যস্ত কৰিবলৈ অনুৰােধ জনাইছে।

ইয়াৰ উপৰি জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকলক নিজ নিজ এলেকাত ১২ ডিচেম্বৰৰ গধুলি ৫ বজাত জোঁৰ লৈ প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত কোৱা হৈছে যে ১৩ ডিচেম্বৰত ১০ বজাৰ ৩ বজালৈ যােৰহাট কেন্দ্রীয় কার্যালয় আৰু গুৱাহাটী প্রশাসনীয় কার্যালয়ত অসম সাহিত্য সভাই ৫ ঘন্টীয়া অনশন কার্যসূচীৰূপায়ণ কৰিব।

উক্ত কাৰ্যসূচীত সাহিত্য সভাৰ তৰফৰ পৰা  সকলো জিলাৰে এ বিষয়ববীয়া সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। লগতে জাতীয় ভাৱাপন্ন ব্যক্তি, বিভিন্ন দল-সংগঠন, সাংবাদিকসকলক প্রতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ অনুৰােধ জনাইছে অসম সাহিত্য সভাই।