বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিকপঞ্জীৰ দাবী অসম সত্র মহাসভাৰ

NRC-assam-750x375

প্ৰতিনিধিত্বমূলক ফটো।

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিক পঞ্জীৰ প্ৰয়োজনত পুনৰ বিবেচনা কৰি কাম হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চাৰকাৰলৈ দাবী জনাইছে অসম সত্ৰ মহাসভাই।

এক বিবৃতিত মহাসভাই কয় যে অসম চুক্তিৰ তিনি দশক কাল অতিক্ৰম কৰাৰ পিছত প্রায় এটা দশক মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীনৰ অন্তত ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে ন্যায়ালয়ৰ তত্ত্বাৱধানত যাতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পূৰ্ণ কৰা হয়।

সত্ৰ মহাসভাৰ অভিযোগ যে কেইবাবছৰো পঞ্জীয়নৰ কাম কৰাৰ অন্তত যোৱা ২০১৯ বর্ষত নাগৰিক পঞ্জীৰ তালিকাখন প্ৰস্তুত তথা প্ৰকাশ কৰা হয়। পৰ্যবেক্ষণ কৰি জনা যায় যে উক্ত প্ৰকাশিত তালিকাৰ প্ৰায় ৪০শতাংশই ভুল তথা প্ৰায় ৪০ শতাংশ বিদেশীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হ’ল।

আনহাতে, হাজাৰৰ পৰা লাখৰ ভিতৰত বহু ভাৰতীয় তথা অসমৰ খিলঞ্জীয়া লোকৰ নাম উক্ত নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰা নহ’ল বা বাদ পৰি গল। এই সন্দৰ্ভত বিভিন্ন সামাজিক সংগঠন, বেচৰকাৰী সংগঠন আদিয়ে তীক্ষ্ণ সমালোচনা কৰি  সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে।

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া ঐতিহাসিক আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদানৰ ফলত অসম চুক্তি হয়। ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমে ভিত্তিবৰ্ষ হিচাপে লাভ কৰে ১৯৭১ বৰ্ষ। ইয়াকো অসমৰ অধিক সংখ্যক লোকে মানি লোৱাৰ পিছতো ৪০ শতাংশ সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয়টো ৰাজহুৱাভাবে অভিযোগ উত্থাপিত হোৱাৰ পিছত উক্ত নাগৰিক পঞ্জীখন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লোৱা অনুচিত।

তেওঁ কয় যে এনে অশুদ্ধ নাগৰিক পঞ্জী গ্ৰহণ কৰিলে ভাৰত বিৰোধী অৰ্থাৎ দেশদ্ৰোহী কাৰ্য্যকলাপ বুলি আখ্যা দিয়াৰ লগতে ভাৰতীয় তথা অসমীয়া খিলঞ্জীয়াৰ প্ৰতি তীব্র ভাবুকি স্বৰূপ হৈ পৰিব।

আনহাতে, সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকগৰাকীয়ে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ লুটি বাগৰমৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয় যে সংগঠনটোৱে বহুবাৰ প্ৰকাশিত নাগৰিক পঞ্জীখনত বহু ভুল, অশুদ্ধ আৰু বিদেশীৰ নামেৰে ভৰি থকা বুলি কৈ আহি হঠাৎ সিদিনা কেনেকৈ তেঁওলোকে খিলঞ্জীয়া বিৰোধী কথা কলে ই এক অতিকে ৰহস্য ঘন বিষয় হিচাপে পৰিগণিত হৈছে।

এই নাগৰিক পঞ্জীত বহু হাজাৰ খিলঞ্জীয়াৰ নাম বাদ পৰিছে বুলি মহন্তই খেদ প্ৰকাশ কৰে।