ধ্বংসমুখী অগপ নাই, এতিয়া শক্তিশালী ৰূপত কৰিছে আত্মপ্ৰকাশ; দাবী যুৱ পৰিষদৰ সভাপতিৰ

AGP youth wing

তামুলপুৰত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই। ফটো: নৰ্থইষ্ট নাও।

তামুলপুৰত উপস্থিত হৈ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইয়ে শনিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে অসম গণ পৰিষদ দল পূৰ্বতকৈ শক্তিশালী হৈছে ৷ একাংশ স্বাৰ্থপৰ নেতাৰ বাবে দলটো ধ্বংসমুখী হৈ পৰিছিল যদিও এতিয়া অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে ৷

টিভিৰ বুম দেখিলেই ঘৰৰ ভিতৰৰ সকলো কথা কোৱা নেতাসকল এতিয়া নাই ৷ অগপ দলটোক নতুন প্ৰজন্মই  আদৰি লৈছে বুলিও কয় বৰগোঁহাইয়ে ৷

যুৱ নেতাগৰাকীৰ মতে আঞ্চলিকতাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ একাংশ যুৱ নেতাই দলটোক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে।

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইয়ে কংগ্ৰেছ, এ আই ইউ ডি এফকো সমালোচনা কৰে ৷

Also Read: অঘটন! বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ সন্মুখত স্কুটী ৰখাই ব্ৰহ্মপুত্ৰ জাপ দিলে মহিলাই; উদ্ধাৰ মৃতদেহ

তেওঁৰ মতে ৰাইজক দেখুৱাবলৈহে তেওঁলোকৰ মাজত কাজিয়া যদিও ভিতৰি দুয়োটা দলৰ আছে মিত্ৰতা ৷

কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক অবৈধ বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়ে অসম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে ৷

তেওঁ লগতে কয় যে গৰুখুটি কাণ্ডৰ পিছত নিজৰ চোলা ফালি তাকেই প্ৰমান কৰিছিল ভূপেন বৰাই ৷

Also Read: ৰাজ্যবাসীলৈ সুখবৰ; ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ প’ল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে

তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত উন্নয়নৰ স্বাৰ্থত মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় জিতু বৰগোঁহাইয়ে৷

আনহাতে, তামুলপুৰত যুৱ পৰিষদৰ সমিতি গঠন কৰাৰ লগতে ২০২৬ চনত হবলগীয়া নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে যুৱ পৰিষদে৷