• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 9:00 pm
নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰাণ দুৰ্ঘটনাত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বা মানিবলগীয়া নীতি অনুসৰণত ব্যৰ্থ হোৱাৰ অভিযোগত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে গুৱাহাটী ট্ৰেফিক পুলিচ। ২৫ জুলাই শুকুৰবাৰে নিশা কাশ্যপৰ বিৰুদ্ধে তেওঁৰ এছ ইউ ভি গাড়ীৰে এগৰাকী ছাত্ৰক খুন্দিয়াই পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে।

গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুৰ্ঘটনাত পতিত ২২ বছৰীয়া ছামিউল হকৰ মৃত্যুৰ পাছতে শনিবাৰে নিশা দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, গুৱাহাটীৰ দক্ষিণগাঁও অঞ্চলত পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। গুৱাহাটী পৌৰ নিগমত অংশকালীন কাম কৰা নলবাৰী পলিটেকনিকৰ ছাত্ৰ ছামিউল হকে ঘৰলৈ উভতি আহি থকা অৱস্থাত মহিন্দ্ৰা স্কৰপিঅ’ৰে খুন্দা মাৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কাশ্যপে হকক সহায় নকৰাকৈয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

প্ৰথম অৱস্থাত কাশ্যপৰ বিৰুদ্ধে জামিনযোগ্য অপৰাধৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু হকৰ মৃত্যুৰ পাছত আৰক্ষীয়ে অভিযোগসমূহ জামিনহীন ধাৰালৈ উন্নীত কৰে। ইয়াৰ ফলত বহুতে আৰক্ষী কৰ্তৃপক্ষৰ কথিত বিফলতাৰ দিশটো আঙুলিয়াই দিছে, য’ত কাশ্যপৰ গাড়ীৰ ন্যূনতম গতি উলংঘাৰ ইতিহাস থকাৰ পাছতো তেওঁৰ ড্ৰাইভিং লাইচেন্স জব্দ নকৰাকে ধৰি বহু দিশ নিহিত হৈ আছে।

আৰক্ষীৰ ভূমিকাক লৈ উত্থাপিত প্ৰশ্নঃ

গুৱাহাটী যান-বাহন আৰক্ষীয়ে গোচৰটো পৰিচালনাৰ সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে-

তাৎক্ষণিক পৰীক্ষাৰ অভাৱঃ সমালোচকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে দুৰ্ঘটনাৰ লগে লগে নন্দিনী কাশ্যপৰ ওপৰত কোনো ধৰণৰ মেডিকেল বা ব্ৰেথলাইজাৰ টেষ্ট কৰি মদ্যপান কৰি আছে নে নাই সেইটো নিৰ্ণয় কৰা নহ’ল।

আৰক্ষীৰ ভূমিকা সন্দৰ্ভত স্ব-বিৰোধী বক্তব্যঃ গুৱাহাটী আৰক্ষীৰ ডিচিপি (ট্ৰেফিক) জয়ন্ত সাৰথি বৰাই বুধবাৰে (৩০ জুলাই) দাবী কৰে যে, ২৫ জুলাইৰ নিশা কোনো যান-বাহন কৰ্মীয়ে সেই স্থানলৈ যোৱা নাছিল বুলি কয় যে ২৬ জুলাইলৈকে যান-বাহন বিভাগে এই কাণ্ডৰ বিষয়ে অজ্ঞাত আছিল।

পলমকৈ বাহন জব্দঃ দিছপুৰ আৰক্ষীয়ে কিয় দুৰ্ঘটনাটোৰ লগত জড়িত বাহনখন তৎকালীনভাৱে জব্দ নকৰিলে সেয়াও উদ্বেগ প্ৰকাশ কৰিছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে কাশ্যপৰ বাহন স্কৰ্পিয়ন এন ই অ’ (পঞ্জীয়ন নম্বৰ এ এছ ০১এফ এম ৯১৯৯) এই কাণ্ডৰ চাৰিদিন পিছতহে ২৯ জুলাই মঙলবাৰে জব্দ কৰা হৈছে।

কিন্তু ছ’চিয়েল মিডিয়াত চিচিটিভিৰ ফুটেজত দেখা গৈছে যে, ২৫ জুলাইৰ পুৱা প্ৰায় ৩:৩৬ বজাত দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱা দেখা গৈছিল, যিটোৱে বৰাৰ বক্তব্যৰ পোনপটীয়া বিৰোধিতা কৰিছিল।

এই বক্তব্যৰ অমিলৰ বাবে আৰক্ষী বাহিনীৰ যোগ্যতা আৰু প্ৰশাসনে সোপাঢিলা নীতি গ্ৰহণ কৰা সৈতে জড়িত বিষয়াসকলক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছে নেকি সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

নন্দিনী কাশ্যপৰ গতিবেগৰ ইতিহাস

প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা নন্দিনী কাশ্যপে কমেও পাঁচটা গতিবেগ উলংঘাৰ অপৰাধ কৰিছে।চালানসমূহৰ ভিতৰত আছে:

১৮ মাৰ্চ, ২০২৪: গতিবেগ উলংঘা (চালান নং এ এছ২০৭৪৪৩২৪০৩১৮১৪১৪৪৩)।

২০ মে’, ২০২৪: বাগৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গতিবেগ উলংঘা।

১৭ অক্টোবৰ, ২০২৪: বৰমাত গতি উলংঘা।

১০ জুন, ২০২৫: নলবাৰীত গতি উলংঘা।

শেহতীয়াকৈ সংঘটিত হোৱা হিট এণ্ড ৰাণত কাশ্যপৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ১০৫ আৰু ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ১২৫বি (হিট এণ্ড ৰান কজ ডেথ)ৰ অধীনত জামিনবিহীন অভিযোগৰ সন্মুখীন হৈছে।

গুৱাহাটীৰ ৰাজধানী থিয়েটাৰত আখৰা কৰি থকা অৱস্থাত প্ৰায় ১:৩০ বজাত কাশ্যপক গ্ৰেপ্তাৰ কৰি পাছত দিছপুৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰায়। প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে গোচৰ নং ৬৩০/২৫ৰ অধীনত জামিনযোগ্য ধাৰাত (বিএনএছ ১১৫(২), ১২৫(খ), আৰু ২৮১) গোচৰ ৰুজু কৰিছিল।

প্ৰথমে কাশ্যপক সোধা-পোছাৰ বাবে মাতি আনি বণ্ডত মুকলি কৰি দিয়া হয়। কিন্তু ছামিউল হকৰ মৃত্যুৰ পিছত আৰক্ষীয়ে জামিনবিহীন ধাৰা অন্তৰ্ভুক্ত কৰিবলৈ আদালতৰ অনুমতি লাভ কৰে, যাৰ ফলত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।

দিছপুৰ আৰক্ষীৰ সৈতে জড়িত অতীতৰ বিতৰ্ক

এই ঘটনাটোৱেই প্ৰথম নহয় যে দিছপুৰ আৰক্ষীয়ে হাই-প্ৰফাইল গোচৰত সোপাঢিলা নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ২০২১ চনৰ অক্টোবৰ মাহত মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে গভীৰ নিশা সংঘৰ্ষত ৯ জন লোক আহত হোৱাৰ লগতে এজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দিছপুৰ আৰক্ষীয়ে প্ৰথমে জামিন মঞ্জুৰ কৰিছিল যদিও জনসাধাৰণৰ যথেষ্ট ক্ষোভৰ পাছত পুনৰ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত আই পি চিৰ ২৭৯, ২৯৪, ৩৮৮, আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰি পাছত ২০২২ চনৰ ৯ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনত ৰাজকন্যাক মুকলি কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd