অন্ত পৰিল এক প্ৰচুৰ সম্ভাৱনাৰ; দুৰ্ঘটনাত নিহত সুব্ৰতাক শেষ বিদায় আত্মীয়-সতীৰ্থৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্নজনে এক শোকাকুল পৰিৱেশৰ মাজৰে সুব্ৰতা বৰাক শেষ শ্ৰদ্ধাঞ্জলি জনালে।

সোমবাৰে ডিমৌত সংঘটিত হৃদয় বিদাৰক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী সুব্ৰতা বৰাই।

ডিফু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহকাৰী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ জ্যেষ্ঠ সন্তান আছিল সুব্ৰতা। অসম কৃষি বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে গৱেষণা কৰি থকা সুব্ৰতাক পিতৃয়ে তুলি থৈ আহিছিল অভিশপ্ত ট্ৰেভেলাৰখনত।

কিছুদিনৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা বুটলবিলৈ সক্ষম হৈছিল মেধাৱী ছাত্ৰী সুব্ৰতা বৰাই। সুব্ৰতাৰ আছিল বহু সপোন কিন্তু ট্ৰেভেলাৰ যাত্ৰাই কাল হ’ল সুব্ৰতাৰ বাবে।

সহপাঠীসকলৰ মাজত খুবেই জনপ্ৰিয় সুব্ৰতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে যোৰহাট, ডিব্ৰুগড়ত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

ইফালে সুব্ৰতাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডা০ লোহিত চন্দ্ৰ বৰা আৰু পলাশ দেৱ নাথ আহি মেধাৱী ছাত্ৰী গৰাকীৰ ডিব্ৰুগড়ৰ মিলননগৰৰ বাসগৃহত উপস্থিত হয়হি।

সোমবাৰে সন্ধিয়া সুব্ৰতাৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত বহু লোকে ছাত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত এক শোকাকলু পৰিৱেশৰ মাজত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

মেধাৱী ছাত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগে লগে অন্ত পৰিল এক প্ৰচুৰ সম্ভাৱনাৰ।