Home › অসম কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল May 8, 2024 9:29 pm · এন ই নাও নিউজ, গুৱাহাটী বুধবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বৃহস্পতিবাৰে (৯ মে’) উচ্চতৰ মাধ্যমিক (এইচ এছ) পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কৰিব৷ উল্লেখ্য যে ৰাজ্যজুৰি মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ১,৩৯,৪৮৬জন পুৰুষ আৰু ১,৪২,৭৩২গৰাকী মহিলা পৰীক্ষাৰ্থী।ইয়াৰে ২,০৬,৪৬৭ জন ছাত্ৰ-ছাত্ৰী কলা শাখাৰ, ৫৪,২৮৭ জন বিজ্ঞান শাখাৰ, আৰু ১৭,৫৮২ জন বাণিজ্য শাখাৰ৷স্মৰ্তব্য যে,যোৱা মাহত এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ছেবাই ঘোষণা কৰিছিল। অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পৰস্পৰ বিৰোধী পোষ্টেৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কাইলৈ পুৱা ৯ বজাত এইচ এছ পৰীক্ষাৰ ফলাফল-২০২৪ ঘোষণা কৰিব। পুৱা ৭ বজাত জাৰি কৰা হ’ব চৰকাৰী প্ৰেছ বিজ্ঞপ্তি। সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা।” ‹ অৱশেষত উদ্ধাৰ হ’ল মাৰাডোনাৰ হেৰোৱা সোণালী বলটো!… IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম… › Related News“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰJuly 30, 2026 4:24 pm · এন ই নাও নিউজ, গুৱাহাটীমনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰJuly 30, 2026 4:23 pm · এন ই নাও নিউজ, গুৱাহাটী দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণাJuly 30, 2026 3:37 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰJuly 30, 2026 3:02 pm · এন ই নাও নিউজ, গুৱাহাটী হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন July 30, 2026 2:38 pm · এন ই নাও নিউজ, গুৱাহাটী