অসমৰ পাঁচখন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচন অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগতে ২৩ নৱেম্বৰত ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছে৷
ইতিমধ্যে অসমৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷উল্লেখ্য যে অসমৰ বিহালী,চামগুৰি,ধলাই,চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷
এই নিৰ্বাচনত বিজেপিয়ে মিত্ৰজোটঁৰ সৈতে সন্মিলিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ অসমৰ আঞ্চলিক সংবাদপত্ৰ ‘অসমীয়া প্ৰতিদিন’ত প্ৰকাশ কৰা বাতৰি অনুসৰি বিজেপিয়ে চিদলী সমষ্টি ইউ পি পি এল আৰু বঙাইগাঁও সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰি বিধানসভা সমষ্টিত পদুম ফুলৰ চিহ্নত বিজেপিৰ প্রার্থী থিয় কৰোৱাৰ বাবে অগ্রসৰ হৈছে। সেই অনুসৰি পৰহি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত বিজেপিৰ ৰাজ্যিক নির্বাচন সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে বিজেপিয়ে বিহালী, ধলাই আৰু চামগুৰি সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্রার্থী পেনেল প্রস্তুত কৰি কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰিছে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সংসদীয় পৰিষদৰ সদস্য সর্বানন্দ সোনোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা আদিৰ উপস্থিতিত অনুষ্ঠিত নির্বাচন সমিতিৰ বৈঠকে চামগুৰিৰ বাবে দুজনীয়া আৰু বিহালী-ধলাইব বাবে তিনিজনীয়া প্রার্থী পেনেল প্রস্তুত কৰা বুলি জানিব পৰা গৈছে।
কিন্তু লক্ষণীয়ভাবে বিহালী বিধানসভা সমষ্টিৰ অন্যতম দাবীদাৰ তথা শোণিতপুৰ সমষ্টিৰ প্রাক্তন সাংসদ পল্লৱলোচন দাসৰ নাম বিজেপিৰ প্রার্থী পেনেলত নায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ পল্লৱলোচন দাসে বিহালীৰ উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিধায়ক নির্বাচিত হৈ অসম মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ পৰিকল্পনা কৰিছিল যদিও পৰহি বিজেপিৰ ৰাজ্যিক নির্বাচনী সমিতিয়ে বিহালী সমষ্টিৰ প্রার্থী পেনেলত পল্লৱলোচনৰ নামে অন্তর্ভুক্ত নকৰাত তেওঁৰ মন্ত্রী হোৱাৰ স্বপ্ন ভংগ হোৱাটো নিশ্চিত হৈ পৰিছে।
সংবাদপত্ৰখনত প্ৰকাশিত হোৱা অনুসৰি শোণিতপুৰৰ বর্তমানৰ সাংসদ তথা বিহালীৰ প্রাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দত্তৰ প্রচণ্ড বিৰোধিতাৰ বাবেই পল্লৱলোচন দাসক বিজেপিৰ নেতৃত্বই বিহালীৰ উপ-নির্বাচনত প্রার্থিত্ব প্রদানব পৰা বিৰত থাকিবলৈ বাধ্য হয়৷
মুখ্যমন্ত্রীৰ অত্যন্ত ঘনিষ্ঠ হোৱা সত্বেও উপ-নির্বাচনত পল্লৱলোচন দাস প্রার্থিত্বৰ ক্ষেত্ৰত এনেদৰে বিমুখ হোৱাটো ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ বিবেচিত হৈছে। জানিব পৰামতে বিহালী সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিজেপিয়ে যুগুত কৰা তিনিজনীয়া প্রার্থী পেনেলত দিগন্ত ঘাটোৱাৰ, সুমন শর্মা, অসীম কুমাৰ দাসৰ নাম অন্তর্ভুক্ত হৈছে।