বানপানীৰ মাজতে কাইলৈৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

Assam_Assembly

অসম বিধানসভা। উৎস-ইণ্টাৰনেট

ৰাজ্যত বানপানীৰ ভয়াবহতা অব্যাহত থকাৰ সময়তে শুকুৰবাৰৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰম্ভ হ’ব। পূৰ্বতে গ্ৰীষ্মকালীন অধিৱেশনখন ১৮ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বানপানীৰ বাবে পিছুৱাই দিয়া হৈছিল।

চলিত বৰ্ষৰ গ্ৰীষ্মকালীন অধিৱেশনখন ছয়দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব। কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ চৰকাৰ দ্বিতীয়টো কাৰ্য্যকালৰ বাবে ক্ষমতালৈ অহাৰ পাছত এয়া অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন হ’ব।

গ্ৰীষ্মকালীন অধিৱেশন সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে চলিত বৰ্ষৰ গ্ৰীষ্মকালীন অধিৱেশনত বৰাক উপত্যকাৰ উন্নয়নক লৈ অধ্যক্ষৰ উদ্যোগত সদনত বিশেষ আলোচনা হ’ব বুলি কয়।

আনহাতে, ৰাজ্যত মহিলাৰ নিৰাপত্তা, শিশু, বিকাশ আদি বিষয় সন্দৰ্ভতো আলোচনা কৰা হ’ব বুলি গোস্বামীয়ে সংবাদ মাধ্যমৰ মত প্ৰকাশ কৰে।

তদুপৰি, মঙলবাৰে সদনৰ বাহিৰত এক্ট ইষ্ট পলিচি সন্দৰ্ভত এখন বৈঠকো অনুষ্ঠিত হ’ব বুলি অধ্যক্ষগৰাকীয়ে কয়।

উল্লেখযোগ্য যে, অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ৰাজ্যৰ বানআক্ৰান্ত ৰাইজৰ বাবে মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ এমাহৰ দৰমহা বৰঙণি হিচাপে আগবঢ়াই আৰু সকলো বিধায়ককে মুখ্য মন্ত্ৰী বান সাহায্য পুঁজি টনকিয়াল কৰিবলৈ আহ্বান জনায়।

ৰাজ্যৰ ভয়াবহ বানপানীত আক্ৰান্ত ৰাইজলৈ বিধানসভা সচিবালয়ৰ সকলো কৰ্মচাৰীয়ে নিজৰ এদিনৰ দৰমহা বৰঙণি হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।