NORTHEAST NOW (Assamese)

অসম বিধানসভাত নোহোৱা-নোপোজা ঘটনা! শাসক পক্ষই আনিলে সভা স্থগিতৰ প্ৰস্তাৱ

February 19, 2025 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 6:00 pm

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনটোত অসম বিধানসভা সংঘটিত হনোহোৱা-নোপোজা ঘটনা। আজি শাসকীয় বিজেপিয়ে APSC কেলেংকাৰীৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি সদনত আলোচনাৰ দাবী উত্থাপন কৰে। যাক লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ অৱতাৰণা হয়। কিন্তু বিৰোধী কংগ্ৰেছে ছিণ্ডিকেটৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি আলোচনা বিচাৰে।

বিধানসভাত অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ সভাস্থগিত প্ৰস্তাৱত আলোচনা বিচাৰে বিজেপিয়ে। বিৰোধী কংগ্ৰেছেও নিজৰ দাবীত অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ দাবী জনায়। শাসক-বিৰোধীয়ে নিজ নিজ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদনত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘আজি কেৱল ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক আলোচনাহে হব৷ এতিয়া শূন্যকালীন ঘণ্টা। বাকী বিষয় আলোচনা নহয়। আজি সভাস্থগিত নহয়৷”

এই সন্দৰ্ভত থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে কয়, ‘‘বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত আমি আলোচনা বিচাৰিছিলোঁ৷ কংগ্ৰেছে বিৰোধিতা কৰিছে। কোন দোষী, কোন নিৰ্দোষী আলোচনা হওক৷ কংগ্ৰেছে বিচৰা নাই আলোচনা।”

লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই কয়, ‘‘APSC কেলেংকাৰীৰ খলনায়কসকল চিনাক্ত হব লাগে৷ তাৰ বাবে আমি আলোচনা বিচাৰি সভা স্থগিত বিচাৰিছো।”

শাসক-বিৰোধীৰ এই হুলস্থূলৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় । পুনৰ সদন আৰম্ভ হোৱাত পুনৰ সভা স্থগিত প্ৰস্তাৱৰ দাবী তোলে শাসক-বিৰোধীয়ে। অধ্যক্ষই সকলোকে নিজ নিজ আসনলৈ গৈ কথা ক’বলৈ অনুৰোধ জনায়।

হুলস্থূলীয়া পৰিবেশৰ বাবে একে দিনত তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰ ১০ মিনিট, দ্বিতীয়বাৰ ১০ মিনিট আৰু তৃতীয়বাৰ ২০ মিনিটৰ বাবে স্থগিত হয় সদন।

Related News