অসম বন্ধ : অখিল গগৈ, জীতেন দত্ত আৰু আজিজুৰ ৰহমানৰ বিৰুদ্ধে ৰামসেনাৰ গোচৰ

Akhil, Jiten, Ajijur

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত প্ৰায় অৰ্ধশতাধিক জাতীয় সংগঠনে মঙলবাৰে দিয়া অসম বন্ধক নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, আলফা নেতা জীতেন দত্ত আৰু আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ বিৰুদ্ধে ৰাম সেনা নামৰ এক সংগঠনে আজি দিচপুৰ থানাত এক গোচৰ ৰুজু কৰে।

ৰামসেনাই তিনিও গৰাকী নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২ ধাৰাৰ অধীনত আদালতৰ অৱমাননা কৰা আৰু ৪২৭, ৩৯২ আৰু ৩৪ ধাৰাৰ অধীনত ৰাজহুৱা সম্পত্তি নষ্ট ও ডকাইতিৰ গোচৰ চলাবলৈ দাবী জনায়।

এই সম্পৰ্কত ৰাম সেনাৰ ৰাজ্যিক সংযোজক দেবজিৎ ডেকাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘এই কাৰ্য্যৰ আমি গৰিহনা দিছো। মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা মতে এয়া আইন বিৰোধী।’

তেওঁ লগতে ‘খানাপাৰত বন্ধ সমৰ্থকে নেটৱৰ্ক বাছ এখন ভঙাটো মই নিজ চকুৰে দেখিছো।’ কয় যদিও কালিৰ বন্ধত কিমান পৰমাণৰ ক্ষয়-ক্ষতি হ’ল, সেই সম্পৰ্কত জ্ঞাত নহয় মন্তব্য কৰে।

ৰাম সেনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থনত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে উক্ত নেতাকেইজনে বিধেয়কখনৰ ভুল বাখ্যা কৰি অসমৰ ৰাইজক বুৰ্বক বনাই আছে।

আনহাতে, সাংবাদিকে অখিল গগৈক এই সম্পৰ্কত সোধাত তেওঁ কয়, ‘ৰাম সেনাই দিচপুৰ থানাত কেচ দিয়াৰ কথা গম নাপাওঁ। ৰাম সেনা নে সীতা সেনা নে লক্ষণ সেনা আজিহে শুনিছো। তেওঁলোকে গোচৰ দিয়ে দিয়ক মোৰ বিৰুদ্ধে দিয়ক, কিন্তু জীতেন দত্তৰ বিৰুদ্ধে কিয় দিব লাগে। দত্তইটো বন্ধৰ আহ্বান জনোৱা নাছিল।‘

তদুপৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানক সোধাত তেওঁ আমাৰ সাংবাদিকক কয়, ‘প্ৰথম কথা, ৰাম সেনাই গোচৰ দিয়াটো মই অৱগত নহয়। দ্বিতীয়তে ৰাম সেনা নামৰ এনেকুৱা সংগঠন অসমত আছে বুলি আগতে শুনাও নাই, দেখাও নাই।‘

তেওঁ লগতে কয় ‘কালি হৈ যোৱা বন্ধটো জীতেন দত্ত, অখিল গগৈ নাইবা আজিজুৰ ৰহমানৰ নিৰ্দেশত হোৱা নাই, এই বন্ধ প্ৰায় ৬০ টা দল-সংগঠনৰ আহ্বানত হৈছিল। গতিকে আওপকীয়াকৈ সমগ্ৰ ৰাইজৰ আহ্বানতে এই বন্ধ হ’ব পাৰে বুলি ক’ব পাৰে। তেওঁলোকে এজাহাৰ দাখিল কৰিছে, চাওঁ আইনে এতিয়া কি তদন্ত কৰে। সকলোৰে অধিকাৰ আছে গোচৰ তৰাৰ বাবে।‘