অসমে ‘বিগ ডেডী’ৰ ভূমিকা গ্ৰহণ কৰি আমাৰ বিৰুদ্ধে আগ্ৰাসন অব্যাহত ৰাখিছে। এই মন্তব্য মিজোৰামৰ উপ-মুখ্যমন্ত্ৰী টাউনলুয়াৰ।
The Print ক দিয়া এক সাক্ষাৎকাৰত মিজোৰামৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমে মিজোৰামৰ বহু অঞ্চলত বেদখল চলাইছে।
মিজো লোকসকলক শাস্তি দিয়াৰ উদ্দেশ্যে অসমে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে। এনেবোৰ কাৰণতে সংঘাত বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য অসমে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰা বুলি আৰু মিজোৰামক সংযোগ কৰা ৰে’ল লাইন ধ্বংস কৰা বুলি মিজোৰামে অভিযোগ কৰি আহিছে।
মিজোৰামৰ চৰকাৰে অসমে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰা বুলি অভিযোগ তুলি ইতিমধ্যে কেন্দ্ৰীয় গৃহ দপ্তৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।
মিজোৰামৰ গৃহ সচিব লালবিয়াকচাংগিয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি উল্লেখ কৰিছে যে অসমে মিজোৰামলৈ যোৱা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা বাবে মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে।
অসম ২৬ জুলাইৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথটোকে ধৰি মিজোৰামলৈ যোৱা আন পথসমূহ অৱৰুদ্ধ কৰি ৰখা বুলি পত্ৰ খনত অভিযোগ কৰা হৈছে। পত্ৰ খনত লগতে এই বুলিও কোৱা হৈছে যে ইয়াৰ পূৰ্বেও অসমে মিজোৰামৰ বিৰুদ্ধে ১৭-১০-২০২০ ৰ পৰা ১১-১১-২০২০লৈ অৰ্থনৈতিক অৱৰোধ কৰিছিল।
ইয়াৰ ফলত ৰাজ্য খনে ভীষণ সমস্যাৰ সন্মুখীন হৈছিল। মিজোৰামৰ গৃহ সচিব গৰাকীয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি অভিযোগ কৰিছে যে মিজোৰামক ৰে’ল পথেৰে সংযোগ কৰা বৈৰাবী ৰে’ল ষ্টেচন সংযোগী ৰে’ল পথ ধ্বংস কৰি দিয়া হৈছে।
অসমৰ হাইলাকান্দি জিলাৰ মহম্মদপুৰ আৰু ৰামনাথপুৰ ৰে’ল ষ্টেছনৰ মাজৰ ৰে’লপথ ধ্বংস কৰাৰ বাবে এতিয়া মিজোৰামৰ বৈৰাবী ৰে’ল ষ্টেছনলৈ কোনো ৰে’ল যাব পৰা নাই বুলি পত্ৰ খনত কোৱা হৈছে।