নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নৰ বাবে মোদী চৰকাৰক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

ৰাজ্যিক বিজেপিয়ে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ সফল বৰ্ষপুতি উপলক্ষে প্ৰধান মন্ত্ৰীক জনালে কৃতজ্ঞতা

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসে সংবাদমেল অনুষ্ঠিত কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ সফল বৰ্ষপুতিৰ বাবে ৰাজ্যিক বিজেপি ফালৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপুতিত বহু ঐতিহাসিক কাম সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি দাসে কয়, “তিনি তালাক, ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি দেশৰ জনসাধাৰণক যি উপকৃত কৰিলে তাৰ বাবে প্ৰধান মন্ত্ৰীক পুনৰ বাৰ ধন্যবাদ জনাইছো। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম শ্ল’গানৰ জৰিয়তে আমি আগবাঢ়িব লাগিব৷”

‍‘‍‘অসমৰ বিদ্যুৎ সেৱাত মোদী চৰকাৰে সহায় নকৰিলে সম্প্ৰতি অন্ধকাৰত থাকিব লাগিল হৈ অসম। অসমৰ ১ কোটি মহিলাক মাহিলী ১৫০০ টকাকৈ প্ৰদান কৰিছে৷ আত্মনিভৰশীল আঁচনিৰ জৰিয়তে অসমে ১০লাখ কোটি টকা লাভ কৰিব সক্ষম হৈছে। এই চৰকাৰখনৰ হৈ কাম কৰি মই নিজকে ধন্য মানিছো’’ বুলি কয় দাসে।

অসম চৰকাৰে ৪টা বছৰত সন্ত্ৰাসবাদ নিৰ্মূলত যথেষ্ট সফল হৈছে বুলি উল্লেখ কৰি দাসে কয়, “আমাৰ চৰকাৰৰ দিনতে ধৰ্ষণৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিছে যিটো পূৰ্বৰ কোনো চৰকাৰে এই কাম কৰা নাছিল। প্ৰতিটো সমষ্টিৰ বাট পথৰ ক্ষেএত ৰাজ্য চৰকাৰে যি ধৰণৰ ব্যৱস্থা ল’লে সেয়া হয়তু ৫০বছৰতো সম্পূৰ্ণ হৈ নুঠিলহেতেন।”

কৰ’নাৰ প্ৰতি লৰ্ক্ষ্য ৰাখি আগন্তক দিনত ডিজিটেল মাধ্যমেৰে সভা-সমিতি অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি দাসে কয়, “গাঁৱৰ মানুহবোৰৰ মাজত আমি সোমাই যাম। আগন্তক দিনত আমি ৬টাকৈ স্থানত ভাৰ্চুৱেল ৰেলী আয়োজন কৰিম। সন্মুখত মানুহ নাথাকিব। ফেইচবুক যোগে লাইভ হ’ব। আগন্তক ৩ মাহ মানলৈ আমাৰ কৰ্মকতাই ডিজিটেলি কাম কৰি যাব। ৫০ লাখ পৰিয়ালৰ সৈতে ব্যক্তিগত ভাবে সম্পৰ্ক কৰিম।ডিজিটেলি কেম্পেইনিং কৰিম। প্ৰতিটো বুথত দুটাকৈ ৱাটচএপ গ্ৰুপ খোলা হ’ব।’’

ইফালে ক’ভিডৰ ক্ষেএত অসমে লাভ কৰা সফলতাৰ বাবে জনসাধাৰণৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।