শিৱসাগৰত পূজাৰ দোকানৰ পৰা বিজেপি নেতাৰ অবৈধ ধন সংগ্ৰহ; উত্তপ্ত পৰিস্থিতি

পূজাৰ উচাহৰ মাজতে আজি শিৱসাৰগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পদ-পথত দোকানৰ আবণ্টক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিজেপি নেতাক পৌৰসভাই অবৈধ কৰ সংগ্ৰহৰ অনুমতি দিয়াক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় শিৱসাগৰ নগৰত।

উল্লেযোগ্য যে প্ৰতি বছৰে দূৰ্গাপূজাত পদ পথত দোকান স্থাপনৰ বাবে পৌৰসভাই নিবিদা আহ্বান কৰে। কিন্তু এইবাৰ ৰহস্যজনকভাৱে নিবিদাৰ পৰিৱৰ্তে পৌৰসভাই নিজে দোকান আবন্টন দিব বুলি সিদ্ধান্ত লয়। সেই অনুসৰি কেইজনমান বিজেপি নেতাক পদপথৰ দোকান আবন্টন দিয়ে আৰু তাৰ পৰা টকা সংগ্ৰহৰ অনুমতি প্ৰদান কৰে।

তথাকথিত এই বিজেপি নেতা কেইজনে প্ৰতিখন দোকানৰ পৰা ১০ৰ পৰা ১২ হাজাৰকৈ কৰ সংগ্ৰহ কৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

পৌৰসভাৰ পৌৰনেত্ৰী আৰু কাৰ্যবাহী বিষয়াৰ নাম লৈ উক্ত বিজেপি নেতা কেইগৰাকীয়ে অবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ধনৰ বিনিময়ত দোকান খুলিবলৈ অনুমতি দিয়া ঠাইত প্ৰশাসনে উচ্ছেদ কৰাত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে নিয়ন্ত্ৰণ হোৱা নাই পৰিৱেশ।

পৌৰসভাই পূৰ্বৰ দৰে কিয় পদপথৰ দোকানৰ বাবে নিবিদা আহ্বান নকৰি বিজেপি নেতাক অবৈধ কৰ সংগ্ৰহৰ সুবিধা প্ৰদান কৰিলে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বে যিখন দোকানৰ বাবদ ৩ বা ৪ হাজাৰ টকা দিছিল এই বাৰ উক্ত বিজেপি নেতাই ১০ ৰ পৰা ১২ হাজাৰ টকা লোৱাৰ অভিযোগ কৰিছে পদপথৰ দোকানীয়ে।