• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জিত দাসৰ পতাকা-বিজুতি কাণ্ডত দলীয় বিষয়বাব হেৰুৱালে অসম বিজেপিৰ কাৰ্য্যকৰ্তাই

নিজৰ ওলোটা হওঁতে কৈছিল 'গেঞ্জিও ওলোটা হয়', এইবাৰৰ ভুলৰ বাবে কাৰ্য্যকৰ্তাক দায়িত্বৰ পৰা অব্যাহতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2019 8:33 pm
Ranjit Das Flag Hoisting

আজি পুৱা গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ যত্ন কৰি থকা অৱস্থাত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি দলৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ যি বিড়ম্বনাৰ সন্মুখীন হয়, তাৰ ফলত দলীয় দায়িত্ব হেৰুৱাব লগীয়া হয় দলৰ এজন কৰ্মকৰ্তাই।

‘পৰিস্থিতিটো’ৰ দৃশ্য সম্বলিত ভিডিঅ’ সংবাদ মাধ্যমৰ জৰিয়তে আৰু ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত বিয়পি পৰাত বিব্ৰত দলীয় নেতৃত্বই তৎকালীনভাৱে কৰ্মীজনক দায়িত্বৰ পৰা আঁতৰায়।

বিজুতিৰ ঘটনাটোক “দলৰ এজন কাৰ্য্যকৰ্তাৰ অসাৱধানতাৰ বাবে ব্যাঘাত জন্মে” বুলি অসম বিজেপিৰ এটা বিজ্ঞপ্তিত কোৱা হৈছে। সূত্ৰটো অৱশ্যে উক্ত কাৰ্য্যকৰ্তাৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

মন কৰিব লগীয়া যে কাৰ্য্যকৰ্তাজনে নিজৰ অসাৱধানতাৰ বাবে ভুল স্বীকাৰ কৰে যদিও সভাপতি ৰঞ্জিত দাস তেওঁক দায়িত্বৰ পৰা তৎকালীনভাৱে অব্যাহতি দিয়াৰ পৰা বিৰত নাথাকিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৭ চনৰ গণৰাজ্য দিৱসত একেই স্থানতে অসম বিজেপিৰ সভাপতি হিচাপে ৰঞ্জিত দাসে নিজে ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিছিল।

চাৰিওফালে হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত ৰঞ্জিত দাসে “সদায় পিন্ধা গেঞ্জিটো কেতিয়াবা ওলোটা হয়” বুলি তুলুঙা আৰু দায়সৰা মন্তব্য দিছিল। তাৰোপৰি নিজে দায়িত্বৰ পৰা অব্যাহতি লোৱা নাছিল। কিন্তু এইবাৰ সেই ৰঞ্জিত দাসেই কাৰ্য্যকৰ্তাজনক আজিৰ ভুলৰ বাবে দায়িত্বৰ পৰা অব্যাহতি দিয়ে।

“কাৰ্য্যকৰ্তাজনে ভুল স্বীকাৰ কৰিছে” বুলি বিজ্ঞপ্তিটোত কোৱা হয়। লগতে কয়, “তথাপিও বিষয়টোৰ গুৰুত্ব উপলব্ধ কৰি ৰাজ্যিক সভাপতি মহোদয়ে উক্ত কাৰ্য্যকৰ্তাজনক দলীয় দায়িত্বৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ অব্যাহতি দিয়ে”।

উল্লেখযোগ্য যে আজি পুৱাই হেঙেৰাবাৰীত দলৰ কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ যোৱা ৰঞ্জিত দাস পুনৰ এক অনাকাংক্ষিত বিড়ম্বনাৰ সন্মুখীন হয়।

দাসৰ প্ৰথম প্ৰয়াসত পতাকাখন আধা উচ্চতাৰ পৰাই খহি পৰে। তাৰ পিছত আকৌ পতাকাৰ দণ্ড নমাব লগীয়া হয়। পিছত সেয়া ঠিক হয় যদিও দ্বিতীয় প্ৰয়াসতো কেণা লাগে। দ্বিতীয়বাৰো খোল নাখালে জাতীয় পতাকা। অৱশেষত পুনৰ পতাকাখন তললৈ নমাই আনি তলতে গাঁঠি খুলি পতাকা উত্তোলন কৰিলে ৰঞ্জিত দাসে। এইদৰে তিনিবাৰ চেষ্টা কৰিহে সফল হয় পতাকা উত্তোলনত।

ইয়াকে লৈ ছ’চিয়েল মিডিয়াত এতিয়ালৈকে সৰস চৰ্চা হৈ থকা দেখা গৈছে। বহুতে টিপ্পনী দিছে এইদৰে, “গেৰুৱা পতাকাক অধিক গুৰুত্ব দি অহা বিজেপিক ৰাষ্ট্ৰীয় পতাকাই লগ নিদিয়ে।”

আন কিছুমানৰ মন্তব্য, “ক’লা পতাকাই লগ নেৰা বিজেপিক জাতীয় পতাকাই লগ এৰা দিছে”।

ইপিনে, পতাকা বিসংগতিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই।

বৰাই সংবাদ মাধ্যমৰ আগত কয়, “বিজেপিৰ এনে অথন্তৰ হ’বই। কাৰণ বিজেপিয়ে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাব পৰা নাই। বিজেপিয়ে বাধ্যত পৰি উত্তোলন কৰিছে জাতীয় পতাকা।”

“ৰঞ্জিত দাসৰ গণতন্ত্ৰ প্ৰতি কিমান শ্ৰদ্ধা, সেই কথাই প্ৰতিফলিত হৈছে” বুলিও মন্তব্য কৰে বৰাই।

ইপিনে আজিৰ দিনটোতে অৰুণাচলৰ ৰাজধানী ইটানগৰতো বিজেপিৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ৰাজ্যপাল ড০ বি ডি মিশ্ৰই পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি থকা মুহূৰ্ততে পতাকাখন খহি মাটিত পৰিছিল। লগতে ধুবুৰীৰ গোলকগঞ্জত চক্ৰ বিষয়া তোনতৃষ্ণা ঘৰফলীয়াই পতাকা উত্তোলন কৰোঁতে তললৈ খহি পৰিল পতাকা ৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd