• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতঞ্জলিৰ বাৰালৰ পিছত বিজেপিৰ আৱালে দিলে শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2018 6:03 pm
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত এইবাৰ মুকলিকৈ তুলুঙা মন্তব্য কৰিলে বিজেপিৰ এগৰাকী ৰাজ্যিক মুখপাত্ৰই।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱালে অসমীয়া গুৰুজনাৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নথকা সত্ত্বেও তেওঁক কংগ্ৰেছৰ নামৰ সৈতে সাঙুৰি আজি তাচ্ছিল্যসূচক মন্তব্য কৰে।

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদিকক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কত মত দিছিল বিজেপিৰ মুখপাত্ৰজনে।

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলক লৈ তুলুঙা মন্তব্য কৰিবলৈ গৈ মুমিনুলে প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এষাৰি বাণী আওৰায়। তেওঁ কয়, “শংকৰদেৱে কৈছিল ‘যাহা যাহা পানী তাহা তাহা মাছ’। কিন্তু আজি শংকৰদেৱ জীয়াই থকাহেঁতেন তেওঁ  ‘যাহা যাহা মুছলমান তাহা তাহা কংগ্ৰেছ’ বুলি ক’লেহেঁতেন।”

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে সংখ্যালঘুপ্ৰধান অঞ্চলবোৰত অধিক আসন পোৱা বুজাবলৈ গৈ এইদৰে কয়। কিন্তু তাৰ বাবে শংকৰদেৱৰ মুখৰ এষাৰ বাণীক বিকৃত কৰাটোৱে বহুতৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গুৰুজনাক সাঙুৰি এইদৰে তুলুঙা মন্তব্য কৰাটো মুঠেই গ্ৰহণযোগ্য কথা নহয় বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ আৱালৰ এই মন্তব্য গুৰুজনাৰ প্ৰতি চৰম অপমানসূচক বুলি মন্তব্য কৰে।

“গুৰুজনাৰ বাণীসমূহৰ উদ্দেশ্য আছিল অসমীয়া সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখা। তেওঁ সমাজলৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল।”

“পানী নাথাকিলে মাছ জীয়াই নাথাকিব, সেই কথাষাৰ সাধাৰণ লোকক বুজাবৰ বাবে শংকৰদেৱে কৈছিল।” এইদৰে কয় শইকীয়াই।

আনহাতে, আৱালে কৰা ‘য’ত মুছলমান ত’ত কংগ্ৰেছ’ এই মন্তব্যক ‘সাম্প্ৰদায়িক’ আখ্যা দি শইকীয়াই লগতে কয়, “আৱালে এই মন্তব্যৰ জৰিয়তে অসমৰ মহাপুৰুষজনাক অপমান কৰিব বিচাৰিছে। যিগৰাকী মহাপুৰুষৰ শিষ্য নগা, ডফলা, মিৰি, মুছলমান আদিকে ধৰি  সকলো সম্প্ৰদায়ৰে আছিল। মুছলমন চান্দসাঁয়ো শংকৰদেৱৰে শিষ্য আছিল।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে দৰং জিলাত অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণ শিবিৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি যোগগুৰু বুলি চিনাকি দিয়া পতঞ্জলিৰ সতীনাথ বাৰালে বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতেই সমগ্ৰ অসমতে ক্ষোভৰ জুই জ্বলিছিল আৰু অৱশেষত দৰং আৰক্ষীয়ে অভিযান চলাই কলকাতাৰ পৰা বৰালক গ্ৰেপ্তাৰ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

৭৯ সংখ্যক স্বাধীনতা দিৱসত তিহাৰ কাৰাগাৰত বন্দী প্ৰায় ১৫০০ দোষীক মুক্তি!

August 15, 2025 6:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd