• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোৰ দেশৰ কবিতা’ৰে মুখৰিত অসম গ্ৰন্থমেলা

অন্য প্ৰকাশনৰ গ্ৰন্থ নিজৰ নামত ছপাই বিক্ৰী কৰা কলকাতাৰ বিপনীত লগালে তলা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 8, 2022 4:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মোৰ দেশৰ কবিতা”ৰ গুঞ্জনেৰে আজি মুখৰিত হয় অসম গ্ৰন্থমেলাৰ বাকৰি।

সমগ্ৰ দেশজুৰি স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত হৈ থকা ‘আজাদী কি অমৃত মহোৎসৱ’ৰে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাৰ কবি সন্মিলনত আজি দেশাত্মবোধৰ কবিতা পাঠ কৰে ২৩ গৰাকী কবিয়ে।

কবি সন্মিলনখন সঞ্চালনা কৰি বিশিষ্ট লেখক-সমালোচক ড“বিভাস চৌধুৰীয়ে কয় যে কবিতা সাহিত্যৰ সৰ্বোত্তম অংগ। অনুভৱৰ নান্দনিক নিৰ্মাণে কবিতাক জীৱনৰ ধাৰাভাষ্যলৈ উত্তৰণ কৰে।

কবিতাই সকলো কথা কয় আৰু সকলোৰে মন-মগজু-হৃদয় স্পৰ্শ কৰে।

আজি ইয়াত পঠিত কবিতাসমূহেও এই নিদৰ্শন দাঙি ধৰিছে। তেওঁ লগতে কয় যে দেশক ভাল পাব নোৱাৰিলে দেশাত্মবোধৰ কবিতা লিখিব নোৱাৰি।

আজিৰ এই অনুষ্ঠানত ‘মোৰ দেশৰ কবিতা’ পাঠ কৰা কবিসকল তৰ্কাতীতভাৱে দেশপ্ৰেমী। অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই আদৰণি ভাষণ দিয়া আৰু প্ৰকাশৰ সম্পাদক মিহিৰ দেউৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা কবি সন্মিলনখনত কবিতা পাঠ কৰে বিশিষ্ট কবি অনুভৱ তুলসী, লুট্‌ফা হানুম ছেলিমা বেগম, ৰাজেন্দ্ৰনাথ বৰদলৈ, নীলিম কুমাৰ, নিবেদন দাস পাটোৱাৰী, নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, অজিৎ গগৈ, এম কামালুদ্দিন আহমেদ, ৰাজীৱ বৰা, অজিত ভৰালী, পংকজ গোৱিন্দ মেধি, বিৰিঞ্চি কুমাৰ ৰাভা, দিগন্ত শইকীয়া, প্রাঞ্জলজ্যোতি দত্ত, চন্দন গোস্বামী, বিমান কুমাৰ দলে, দ্বিজেন কুমাৰ দাস, ৰশ্মি চৌধুৰী, সিদ্ধাৰ্থ শংকৰ কলিতা, সৌৰভ শইকীয়া, দেৱপ্রসাদ তালুকদাৰ আৰু জ্যোতিষ শৰ্মাই উল্লেখ্য যে এই অনুষ্ঠানত পাঠ কৰা কবিতাসমূহ পূৰ্বেই কবিসকলৰ পৰা গ্ৰহণ কৰা হৈছিল।

মিহিৰ দেউৰীৰ সম্পাদনাত অসম প্রকাশন পৰিষদে প্রকাশ কৰা এই কবিতাসমূহৰ এটি সংকলন ডঃ লক্ষ্মীনন্দন বৰা সভাঘৰত অনুষ্ঠিত কবি সন্মিলনতে উন্মোচন কৰা হয়।

একেটা সভাঘৰত আজি অনুষ্ঠিত হয় সাহিত্য অকাডেমীয়ে আয়োজন কৰা এখন বহুভাষিক কবি সন্মিলন ৷ বিশিষ্ট কবি অনিল কুমাৰ বড়োৱে সঞ্চালনা কৰা এই কবি সন্মিলনতে কবিতা পাঠ কৰে দিলীপ ফুকন (অসমীয়া), দেৱলীনা সেনগুপ্ত দাস (বাংলা), ৰমেশ থাওছেন (ডিমাছা), সুবন্তি দেউৰী (দেউৰী), হৰকিৰাত হীৰ (হিন্দী), ছ্প্ৰি কিমি ফাংছ’ (কাৰ্বি), থাউনাউজাম শ্যাম (মণিপুৰী), জুৱেল পেণ্ড (মিছিং), নিৰু শৰ্মা পৰাজুলী (নেপালী), মুবিন ৰাভা (ৰাভা) আৰু জনাৰ্দন পাটৰে (তিৱা) ।

ইপিনে অসম গ্ৰন্থমেলাৰ মূল মঞ্চত প্রাগজ্যোতিষ প্রকাশন ট্ৰাষ্টৰ উদ্যোগত প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক দৰ্পণৰ সহযোগত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা৷ অৱসৰপ্ৰাপ্ত শিক্ষা আয়ুক্ত পৰমেশ দত্তই সভাপতিত্ব কৰা এই সভাত উন্মোচিত হয় ৰতন বৰুৱাৰ ‘ৰূপান্তৰত প্ৰাগজ্যোতিষপুৰ’, প্ৰদীপ ঠাকুৰীয়াৰ ‘অসমৰ বিখ্যাত মঠ-মন্দিৰসমূহৰ ইতিহাস’,ড“নিৰঞ্জন কলিতাৰ ‘পুৰণি পৃথিৱী নকৈ চাই লওঁ’, ‘হে বীণ এষাৰি মাত’, ঘনশ্যাম শইকীয়াৰ ‘অসমৰ সাহিত্য আলোচনীৰ তথ্য সম্ভাৰ’ আৰু বৰেণ্য মুক্তি-যুঁজাৰুৰ জীৱন গাথা’।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অসম শিশু সাহিত্য ন্যাস সমিতিৰ সচিব হৃষীকেশ গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভুপেশ শৰ্মা, বিশিষ্ট লেখক ডঃ নিৰঞ্জন কলিতা, ভাৰতীয় ইতিহাস সমিতিৰ সংগঠক হেমন্ত ধিং মজুমদাৰ আদিকে ধৰি কেবাগৰাকী গণ্য-মান্য ব্যক্তি।

উল্লেখ্য যে আজি উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ ‘স্মৃতিগ্ৰন্থ’ দেৱজিৎ বৰা আৰু গৌতম বৰ্মনে সম্পাদন কৰা স্মৃতিগ্ৰন্থখন  উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, কবি অৰ্থনীতিবিদ গৌতম প্রসাদ বৰুৱাই অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাই অসমৰ সমাজ জীৱনলৈ শুভ বাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে। অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই উপ্দেশ্য ব্যাখ্যা কৰা আৰু প্ৰবোধ দাসে আঁত ধৰা এই অনুষ্ঠানত অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদকে ধৰি অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকল উপস্থিত থাকে। ইপিনে অসম গ্ৰন্থমেলাৰ মূল কাৰ্যালয়ত আজি উন্মোচিত হয় অজন্তা বুঢ়াগোহাঞিৰ ‘সেউজ অৰণ্যত মেমচাহাবৰ পৃথিৱী’শীৰ্ষক গ্ৰন্থখন ৷

বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু বিশিষ্ট লেখক-অৰ্থনীতিবিদ গৌতম প্রসাদ বৰুৱাই গ্ৰন্থখন উন্মোচন কৰে। ইয়াৰ উপৰি হোমেন বৰগোহাঞি সভাঘৰত উন্মোচিত হয় ড” মৰমী বৰঠাকুৰ তালুকদাৰৰ কাব্যগ্ৰন্থ ‘ভাৱ-উৎসৱ আৰু অন্য গদ্য’৷ একেটা সভাঘৰতে সদৌ অসম কবি-মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু ‘শীতৰে সেমেকা এটি কাব্যগন্ধী সন্ধিয়া’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান আয়োজিত হয়।

আজি উন্মোচিত হয় বি আৰ পাব্লিকেশ্যনে প্রকাশ কৰা আই আই টি, গুৱাহাটীৰ গৱেষিকা ছাত্ৰী লিপিকা বৰুৱাৰ গ্ৰন্থ ‘মেডবহুলতাঃ প্রতিৰোধ আৰু নিয়ন্ত্ৰণ’। গ্ৰন্থখন উন্মোচন কৰে এলভিছ আলি হাজৰিকা, মহাদেৱ ডেকা, ডাঃ বিকাশ ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, ডাঃ পি কে বিশ্বাস আৰু ধীৰাজ গোস্বামীয়ে।

গ্ৰন্থমেলাৰ বাকৰিত ৰাজ্য চৰকাৰৰ জনসংযোগৰ বিপণীত অনুষ্ঠিত হয় লেখক-প্রকাশকৰ এটি অন্তৰংগ অনুষ্ঠান। ‘অসমত গ্ৰন্থ উদ্যোগৰ ভৱিষ্যৎ’ শীৰ্ষক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে গল্পকাৰ জিস্ত গীতাৰ্থ, ঔপন্যাসিক ইন্দ্ৰাণী শৰ্মা আৰু প্রকাশকত্ৰয় সৌমিত্ৰ যোগী, মনীয হাজৰিকা, অনিল বৰুৱাই।

গ্ৰন্থমেলাত আজি চাৰে তিনি কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হয়। আজি গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে।

এই সাংস্কৃতিক অনুষ্ঠানত সংগীত সত্ৰৰ নৃত্যানুষ্ঠান, বি পান্ধি, হৰ্ষিতা ৰায় চৌধুৰী, হিমানিশা বৈশ্যই নৃত্য পৰিৱেশন কৰাৰ লগতে জৱা চক্ৰৱৰ্তী, ৰূপম ভূঞা, ত্ৰান্তিকা শাণ্ডিল্য, ৰুবুল কলিতা, জীনা ৰাজকুমাৰী, গীতিমা কলিতা, মনমিত মহন্ত, মনদ্বীপ মহন্ত আৰু হৃদয়ানন্দ নাথে গীত পৰিৱেশন কৰে।দ্য চেভেন চিষ্টাৰ্ছ পারিকেশ্যনৰ বিপণীত লগালে তলা কলকতাৰ পৰা অহা দ্য চেভেন চিষ্টাৰ্ছ পাব্লিকেশ্যনৰ বিপণীত আজি তলা লগাই দিয়ে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাই।

প্রকাশন প্ৰতিষ্ঠানটোৱে অন্য প্রকাশন গোষ্ঠীৰ গ্ৰন্থ নিজৰ নামত ছপাই বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়। এই
অভিযোগ সত্য বুলি প্রমাণিত হোৱাত প্রকাশন গোষ্ঠীটোৰ বিপণীত তলা লগাই দিয়ে অসম গ্ৰন্থমেলাৰ কৰ্তৃপক্ষই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd