৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ পৰা যোৱা বক্সিং দলটোৱে। ২টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ।
অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লভলিনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে নিজৰ শাখাত আধিপত্য বিস্তাৰ কৰি সোণৰ পদক লাভ কৰাৰ বিপৰীতে শিৱ থাপা আৰু উদীয়মান তাৰকা অভিনৱ শইকীয়াই ৰূপৰ পদক লাভ কৰে।
লভলিনা বৰগোহাঁয়ে ৭৫ কেজি শাখাত সোণৰ পদক লাভ কৰে।
অংকুশিতা বড়োৱে ৰাষ্ট্ৰীয় খেলত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে।
৬৩.৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰা অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই ৰূপৰ পদক লাভ কৰে।
ইফালে বক্সাৰ অভিনৱ শইকীয়াইও শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয়।