NORTHEAST NOW (Assamese)

এক ইঞ্চি কামৰ নমুনা দেখুৱাওক : সাংসদ নৱ শৰণীয়াক বিপিএফ নেতাৰ প্ৰত্যাহ্বান

September 23, 2019 7:59 am · দীপক কুমাৰ পাঠক

২০২০ চনত অনুষ্ঠিত হ’ব লগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিটিচিৰ অন্যান্য ঠাইৰ লগতে তৎপৰ হৈ পৰিছে শুক্লাই চেৰফাং ব্লক বিপিএফ। বিটিচিৰ শাসনাধিষ্ঠ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ, সাংসদ নৱ কুমাৰ (হীৰা) শৰণীয়া বাহিনীয়ে চলাইছে বিটিচি দখলৰ ব্যাপক তৎপৰতা।

দেওবাৰে শুক্লাই চেৰফাং ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত বিটিচিৰ শুক্লাই পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে ভাষণ দি সাংসদ নৱ কুমাৰ শৰণীয়াই উন্নয়নমূলক কামৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰি অহাৰ অভিযোগ কৰে।

নৱ শৰণীয়াক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদিহে শৰণীয়াই সমষ্টিটোৰ অন্তৰ্গত কোনো এলেকাত এক ইঞ্চিৰ উন্নয়নমূলক কাম কৰাৰ প্ৰমাণ কৰি দিব পাৰে তেন্তে চিৰদিনৰ বাবে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব।

বিটিএডি সেনা গঠন কৰি একাংশ যুৱকক নৱ শৰণীয়াই বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি কৈ তেওঁৰ এনে কথাত ভোল নাযাবলৈ কছাৰীয়ে যুৱকসকলক আহ্বান জনায়। তেওঁৰ মতে বিটিএডিত বিপিএফৰ বাদে ‘আন কোনো ৰাজনৈতিক দলৰ কাম নাই’।

কালিৰ উক্ত সভাত  প্ৰাক্তন আছু নেতা কৰ্মী, প্ৰাক্তন এবছু নেতা-কৰ্মী, কংগ্ৰেছ, চি পি আই (এম), বিজেপি, অবড়ো সুৰক্ষা সমিতিকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক সংগঠনৰ  মুঠ ২৪৯ গৰাকী লোকে বি পি এফত যোগদান কৰে।

সভাত যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা সমিতিৰ  সাধাৰণ সম্পাদক উপেন বসুমতাৰী, বিটিচিৰ পি এম বিৰ সদস্য চাহাবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও বিপিএফ নেতাই ভাষণ দিয়ে।

Related News