Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

TU Recruitment 2022

তেজপুৰ বিশ্ববিদ্যালয়ত বিভিন্ন শিক্ষক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।
 বিশ্ববিদ্যালয় খনে মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞান বিভাগৰ সৈতে সংলগ্ন শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন  বিচাৰিছে।
পদৰ নাম : শ্ৰীমন্ত শংকৰদেৱ আসনৰ  অধ্যাপক পদ।
পদৰ সংখ্যা : ১

Also Read: Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?
যোগ্যতাৰ চৰ্ত: প্ৰাৰ্থীসকল বিশিষ্ট শিক্ষাবিদ আৰু লগতে এজন পাণ্ডিত্যপূৰ্ণ ব্যক্তি হ’ব লাগিব ।যাৰ দৰ্শন / সংস্কৃতি / ধৰ্ম / ইতিহাস / সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত /  শ্ৰীমন্ত শংকৰদেৱৰ বিশেষ প্ৰসংগৰ সৈতে নৱ-বৈষ্ণৱী আন্দোলনৰ গভীৰ জ্ঞান থকাৰ লগতে প্ৰাসঙ্গিক ক্ষেত্ৰসমূহত  গুৰুত্বপূৰ্ণ অৱদানৰ থকা হ’ব লাগিব। গৱেষণাৰ ওপৰোক্ত ক্ষেত্ৰত প্ৰয়োজনীয় নেতৃত্ব প্ৰদান কৰাৰ বাবে আবেদনকাৰী দূৰদৰ্শী হ’ব লাগিব। এই পদৰ বাবে আবেদন কৰা ব্যক্তিৰ বয়স ৬৫ বছৰৰ  অধিক হ’ব নালাগিব।

দৰমহা : দৰমহা আৰু ভাট্টা বিশ্ববিদ্যালয় অনুদান আয়োগৰ  নিয়ম অনুসৰি হ’ব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে turecruit@tezu.ernet.in  ই-মেইল আইডিত ১৮ জুলাই, ২০২২ৰ আবেলি ৫ বজাৰ ভিতৰত  তেওঁলোকৰ আবেদন প্ৰেৰণ কৰিব পাৰে।
 বিজ্ঞাপনৰ সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Also Read: Assam Career : ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত বিভিন্ন পদ খালী, কেনেকৈ কৰিব আবেদন?